নিউজ ডেস্ক, 4 জুলাই : দেশৰ প্ৰথমগৰাকী সমলিংগ কমন ছাৰ্ভিচ চেন্টাৰ অপাৰেটৰ হিচাপে গুজৰাটৰ বডোদৰা জিলাৰ বাসিন্দা জয়া খানৰ নাম ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৷ গুজৰাটৰ এটা কমন ছাৰ্ভিচ চেন্টাৰত কৰ্মৰত জয়া খান হৈছে দেশৰ প্ৰথমগৰাকী সমলিংগ ব্যক্তি যিয়ে এইদৰে কেন্দ্ৰটোত গ্ৰাহক তথা ৰাইজক টেলিমেডিচিন সন্দৰ্ভত তথ্য প্ৰদান কৰিব ৷
এই সুবিধাৰ দ্বাৰা ৰোগীসকলে ওচৰত থকা কমন চেন্টাৰৰ পৰা ৰোগ সন্দৰ্ভত বিভিন্ন দিহা-পৰামৰ্শ লাভ কৰে, ভিডিঅ' কনফাৰেন্সৰ সহযোগত ৷ ইয়াৰ দ্বাৰা দেশৰ সমলিংগ সকলৰ উন্নয়নৰ বাবে চৰকাৰে উঠোৱা খোজৰ এয়া এক বাস্তৱিক উদাহৰণ বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ সমলিংগৰ ব্যক্তিসকলক ডিজিটেলি স্বাক্ষৰ কৰি তুলি চৰকাৰে অনাগত দিনটো তেওঁলোকৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি যাব বুলি উল্লেখ কৰে কেন্দ্ৰীয় কমিউনিকেশ্বন, ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্বন টেকন'লজি মন্ত্ৰীগৰাকীয়ে ৷