অসম

assam

ETV Bharat / bharat

টাইগাৰ মেননৰ ভাতৃ ইউছুফমেননৰ দেহাৱসান - টাইগাৰ মেননৰ ভাতৃ ইউছুফ মেননৰ দেহাৱসান

১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত সকলৰ ভিতৰত অন্যতম ইউছুফ মেননৰ দেহৱসান । ৫৭ বছৰীয়া ইউছুফ মেননে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ নাছিক ৰোডস্থিত ছেণ্ট্ৰেল জেলত শ্বাস-প্ৰশ্বাস জনিত সমস্যত ভোগাৰ পাচতে শেষ নিশ্বাস ত্যাগ কৰে ।

ইউছুফমেনন
টাইগাৰ মেননৰ ভাতৃ ইউছুফ মেননৰ দেহাৱসান

By

Published : Jun 27, 2020, 2:12 PM IST

নিউজ ডেস্ক, ২৭ জুনঃ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দোষী তথা বৰ্তমানও পলাতক হৈ থকা অপৰাধী টাইগাৰ মেননৰ ভাতৃ ইউছুফ মেননৰ দেহাৱসান । শুকুৰবাৰে মহাৰাষ্ট্ৰৰ নাছিক ছেন্ট্ৰল জেলত শেষ নিশ্বাস ত্যাগ কৰে ইউছুফ মেননে ।

টাইগাৰ মেননৰ ভাতৃ ইউছুফ মেননৰ দেহাৱসান

৫৭ বছৰীয়া ইউছুফ মেননে শুকুৰবাৰে পুৱা শ্বাস-প্ৰশ্বাসত সমস্যাৰ সন্মুখীন হোৱা পাচতে জিলাখনৰ ছিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় । আৰু হাস্পতালতে চিকিৎসাধীন অৱস্থাত পুৱা প্ৰায় ১০: ৪৫ বজাত ইউছুফমেননৰ মৃত্যু হয় বুলি সদৰি কৰে আৰক্ষীয়ে ।

মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অপৰাধী ইউছুফ মেননৰ কি কাৰণত মৃত্যু হৈছে সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পাচতে সকলো তথ্য লাভ কৰিব বুলি সদৰি কৰে আৰক্ষীয়ে ।

১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অপৰাধী তথা বৰ্তমানেও পলাতক হৈ থকা অপৰাধী ডাউদ ইব্ৰাহিমে নেতৃত্ব দিয়া সন্ত্ৰাসবাদী সংগঠনক অল-হুছেনী ভৱনত আশ্ৰয় দিয়াৰ উপৰিও ইউছুফমেননৰ গেৰেজটোও বিভিন্ন কুটাঘাটমূলক কাম কৰাৰ বাবে ব্যৱহাৰ কৰিব দিয়াৰ অপৰাধতে গ্ৰেপ্তাৰ কৰা হৈছিল ইউছুফ মেননক ।

২০০৭ চনত ইউছুফ মেননক টাডা আদালতে যাৱজ্জীৱন কাৰদণ্ড ঘোষণা কৰে । তাৰ পাচতে ইউছুফমেননক ঔৰংগাবাদ জেলত আৰু তাৰ পাচত নাছিক ছেন্ট্ৰেল জেললৈ প্ৰেৰণ কৰে । আনহাতে,মুম্বাইৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত য়াকুৱ মেনন আৰু মেনন পৰিয়ালৰ এজন ভাতৃক২০১৫ চনত ফাঁচী দিয়ে ।

উল্লেখ্য যে, ১২ মাৰ্চ ১৯৯৩ চনত মুম্বাইৰ সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰায় ২৫৭ গৰাকী নিৰীহৰ মৃত্যু হোৱাৰ উপৰিও বহু সংখ্যক লোক বৰ্তমানেও ঘূণীয়া হৈ আছে ।

লগতে পঢ়কঃ স্তব্ধ শিৱসাগৰৰ জীৱন যাত্ৰাঃ লক ডাউনৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details