নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ: ইউ টিউব ব্লগাৰ গৌৰৱ ৱাছনে অস্বীকাৰ কৰিলে দক্ষিণ দিল্লীস্থিত ভোজনালয় 'বাবা কা ধাবা'ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদৰ প্ৰতাৰণাৰ অভিযোগ। দান-বৰঙণিৰ নামত মানুহৰ পৰা ধন সংগ্ৰহ কৰিবলৈ কান্তা প্ৰসাদৰ দুৰ্দশাৰ কাহিনীৰে পৰিপুষ্ট ভিডিঅ' গৌৰৱ ৱাছনে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল 'বাবা কা ধাবা'ৰ স্বত্বাধিকাৰীগৰাকীয়ে। সোমবাৰে কান্তা প্ৰসাদৰ এই অভিযোগক নস্যাৎ কৰে গৌৰৱে।
৮০ বছৰীয়া স্বত্বাধিকাৰীগৰাকীয়ে গৌৰৱৰ ওপৰত অভিযোগ তুলিছিল যে, বেংকৰ একাউণ্টত দান-বৰঙণিৰ ধন জমা দিওঁতে গৌৰৱে খেলিমেলি কৰিছিল। দেওবাৰে মালবীয় নগৰ আৰক্ষী থানাত গৌৰৱ ৱাচন আৰু তেওঁৰ সহযোগীৰ বিৰদ্ধে প্ৰতাৰণা, দুষ্টামি, বিশ্বাসঘাটকতা, ষড়ষন্ত্ৰ কৰা আৰু ধনৰ অপব্যৱহাৰৰ অভিযোগ তুলি গোচৰ ৰুজু কৰে। অৱশ্যে ৱাছনে এই কথা একেমুখে অস্বীকাৰ কৰিছে।