খড়গপুৰ IITৰ সন্মুখত গুলীচালনা,নিহত এক - ETV BHARAT
দিনদুপৰতে গুলীচালনা সংঘটিত হ'ল খড়গপুৰ আই আই টিৰ সন্মুখত৷
![খড়গপুৰ IITৰ সন্মুখত গুলীচালনা,নিহত এক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3345339-thumbnail-3x2-dead.jpg)
খড়গপুৰ IITৰ সন্মুখত গুলীচালনা,নিহত এক
খড়গপুৰ,21 মে: খড়গপুৰ আই আই টিৰ সন্মুখত গুলীচালনাৰ ঘটনা ৷ মংগলবাৰে কোনো দুষ্কৃতিকাৰীয়ে গুলীচালনাৰ কাৰ্য সংঘটিত কৰে ৷ এই গুলীচালনাত নিহত হয় সুদীপ্ত কৰ নামৰ এজন যুৱক ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুষ্কৃতিকাৰীৰ দলটোৱে ৷ উল্লেখ্য যে ঘটনাটোত আঘাতপ্ৰাপ্ত হোৱা সুদীপ্তক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎলকে যুৱকজনক মৃত ঘোষণা কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে ৷