অসম

assam

সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেচাৰা"ৰ প্ৰচাৰ জেকলিনৰ

By

Published : Jun 28, 2020, 12:53 PM IST

প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেচাৰা"ৰ প্ৰচাৰৰ বাবে আগবাঢ়ি আহিল মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ । সুশান্ত সিং ৰাজপুতৰ সৈতে 'ড্ৰাইভ' ছবিখনত একেলগে অভিনয় কৰা জেকলিনে শনিবাৰে ইষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে "দিল বেচাৰা"ৰ এখন পোষ্টাৰ ।

সুশান্ত সিং ৰাজপুত
সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেচাৰা"ৰ প্ৰচাৰ জেকলিনৰ

নিউজ ডেস্ক, ২৮ জুনঃ সুশান্ত সিং ৰাজপুতৰ অন্তিম ছবি "দিল বেচাৰা"ৰ মুক্তিৰ বাবে এইবাৰ আগবাঢ়ি আহিল বলিউৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ । ৰাজকুমাৰ ৰাও, কাৰ্তিক আৰিয়ান তথা শ্ৰদ্ধা কাপুৰৰ পাচত এইবাৰ জেকলিনে প্ৰচাৰ কৰে সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি ।

সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেচাৰা"ৰ প্ৰচাৰ জেকলিনৰ

সুশান্ত সিং ৰাজপুতৰ সৈতে 'ড্ৰাইভ' ছবিখনত একেলগে অভিনয় কৰা জেকলিনে অভিনেতা গৰাকীৰ অন্তিম ছবিখনৰ পোষ্টাৰ ইষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখে যে, "তেখেতৰ মৃত্যুয়ে সকলো ঠাইতে প্ৰভাৱ পেলাইছে । তেওঁ মোক সদায় শিকাইছিল কেনেদৰে মানুহৰ মাজত থাকিব লাগে । যেতিয়াই মই কিবা এটা খেলিমেলি কৰিছিলো তেতিয়া তেওঁ মোক সেইটো শিকাই দি সহায় কৰিছিল । তেখেতৰ ছবি ছোৱা মোৰ বাবে সম্ভৱপৰ নহয় । কিন্তু তেখেতে ইমান সুন্দৰকৈ স্ক্ৰীনত ভূমুকি মাৰিব যিয়ে মোক কিছু পৰিমাণে হ'লেও শান্তি প্ৰদান কৰিব ।

লগতে ছবিখনৰ পৰিচালক মুকেশ ছৱৰা আৰু অভিনেত্ৰী সঞ্জনা গান্ধীৰ নাম উল্লেখ কৰি জেকলিনে লিখে যে, মই জানো আপোনালক সুশান্তৰ কিমান আত্মীয় আছিল । @sanjanasanghi96 আপোনাৰ প্ৰথমখন ছবিৰ বাবে শ্ৰেষ্ঠ তথা অতুলনীয় সহ-অভিনেতা হিচাপে সুশান্তক লাভ কৰিছিলে । মই বিশ্বাসী সুশান্তে ছবিখনত আপুনি কৰা অভিনয়ৰ বাবে নিশ্চয়কৈ গৰ্ব অনুভৱ কৰিলে হয় । #dilbechara @foxstarhindi @ disneyplushotstar ২৪ জুলাই # countdowntodilbechara."

লগতে পঢ়ক : বাস্তৱিক প্ৰতিভা সন্দৰ্ভত কি ক'লে অনুষ্কা শৰ্মাই?

ABOUT THE AUTHOR

...view details