অসম

assam

সুৰেশ ৰাইনালৈ প্ৰধানমন্ত্ৰীৰ পত্ৰঃ কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ৰাইনালৈ এখন পত্ৰ লিখে ৷ যিখন পত্ৰক ক্ৰিকেটাৰ গৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷

By

Published : Aug 21, 2020, 1:23 PM IST

Published : Aug 21, 2020, 1:23 PM IST

'You are way too young and energetic to retire': PM Modi writes to Raina
সুৰেশ ৰাইনালৈ প্ৰধানমন্ত্ৰীৰ পত্ৰঃ কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ...

নিউজ ডেস্ক, 21 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰেশ ৰাইনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত ৰাইনালৈ এখন পত্ৰ লিখে ৷ যিখন পত্ৰক ক্ৰিকেটাৰ গৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷

সুৰেশ ৰাইনালৈ প্ৰধানমন্ত্ৰীৰ পত্ৰঃ কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ...

পত্ৰখনত নৰেন্দ্ৰ মোদীয়ে ৰাইনালৈ বুলি এনেদৰে লিখিছে, " 15 আগষ্টত আপুনি আপোনাৰ জীৱনৰ সবাতোকৈ কঠিন সিদ্ধান্ত গ্ৰহণ কৰে ৷ মই 'সন্যাস' শব্দটোৰ ব্যৱহাৰ কৰিব নিবিচাৰো কিয়নো আপুনি 'সন্যাস' লবলৈ বহুতেই সৰু তথা উজ্জিৱিত হৈ আছে ৷ ক্ৰিকেটৰ খেলপথাৰত এক স্মৰণীয় যাত্ৰাৰ অন্তত আপুনি আপোনাৰ জীৱনৰ অধ্যায়ৰ বাবে প্ৰস্তুতি কৰি আছে ৷ "

মোদীয়ে উক্ত পত্ৰত ৰাইনালৈ লগতে লিখিছে যে, " ভৱিস্যত প্ৰজন্মই আপোনাক কেৱল ভাল বেটচমেন হিচাপেই নহয়, এজন ভাল বলাৰ হিচাপেও আপোনাৰ ভূমিকা নাপাহৰে ৷ আপুনি এজন এনেকুৱা বলাৰ আছিল, যাৰ ওপৰত সুযোগৰ সময়ত কেপ্তেইনে ভৰষা কৰিব পাৰিছিল ৷ আপোনাৰ ফিল্ডিং অতি সুন্দৰ আছিল ৷ এই ক্ষেত্ৰত কেবাটাও আন্তঃৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ট কেট্চত আপোনাৰ দখল পৰিলক্ষিত হয় ৷ আপুনি ফিলডিঙৰ দ্বাৰা যিমান ৰান বচালে সেয়া হিচাপ কৰোতে কেইবাদিনো লাগি যাব ৷ "

সুৰেশ ৰাইনালৈ প্ৰধানমন্ত্ৰীৰ পত্ৰঃ কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ...

লগতে পঢ়ক : মহেন্দ্ৰ সিং ধোনীলৈ মোডীৰ প্ৰশংসা পত্ৰ, কি ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে..

ABOUT THE AUTHOR

...view details