অসম

assam

By

Published : Feb 5, 2020, 5:51 PM IST

ETV Bharat / bharat

মোডী অসৎ ব্যক্তি নহয়, মন্ত্ৰীসকলক নিয়ন্ত্ৰণত ৰখা উচিত : বদৰুদ্দিন আজমল

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বদৰুদ্দিন আজমলে অসমৰ সমস্যা সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ মোডীয়ে নিজৰ মন্ত্ৰীসকলক নিয়ন্ত্ৰণত ৰখা উচিত বুলি মন্তব্য কৰে আজমলে ৷

জ্যেষ্ঠ সাংসদ তথা AIUDF ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল
মোডীলৈ বদৰুদ্দিন আজমলৰ অনুৰোধ

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : জ্যেষ্ঠ সাংসদ তথা AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ অনুৰোধ কৰি কয়, "মোডী, আমি জানো যে আপুনি এজন অসৎ ব্যক্তি নহয় আৰু আপোনাৰ চিন্তা-ধাৰা ইমানো বেয়া নহয়, আপোনাৰ অধীনৰ লোকসকলক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে ৷"

বাজেট অধিৱেশনত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হোৱা মৌলানা বদৰুদ্দিন আজমলে ইটিভি ভাৰতৰ সন্মুখত দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে ৷ আজমলে কয় যে, দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো নাগৰিকত্ব সংশোধনী আইন(CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ(NRC) বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ অসমত বৰ্তমানৰ পৰিস্থিতি অতি বেয়া, মহিলাসকলে নৱজাতক সন্তানক লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ৷ হিন্দু ভাই-ভনী সকলেও একগোট হৈ এই প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ সমগ্ৰ অসম জ্বলি আছে ৷

বদৰুদ্দিনে কয়, "এই প্ৰতিবাদ আৱেগৰ বশৱৰ্তী হৈ হোৱা নাই ৷ এয়া হৈছে ভয়ৰ বাবে আৰু বিজেপিয়ে এই ভয় সৃষ্টি কৰিছে ৷ আমাৰ মাজত ভয় সৃষ্টি কৰিছে যে, মুছলমানসকল দেশৰ পৰা বাহিৰ হ'ব লাগিব আৰু অসমতো এই পৰিস্থিতি আমি দেখিবলৈ পাইছো ৷ এনআৰচিৰ নামত অসমত কিমান টকা খৰছ কৰিলে সেয়া আমি দেখা পালো ৷ হাজাৰ হাজাৰ লোকে এনআৰচিৰ বাবে কাম কৰিলে আৰু সকলোকে অসন্তুষ্ট হোৱা দেখা পালো ৷ তেওঁলোকে কিমান কষ্ট ভোগ কৰিবলগা হ'ল সেয়া চৰকাৰে বুজি নাপায় ৷" সাংসদগৰাকীয়ে কয় যে, একেখন আইনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ সাব্যস্ত হৈছে কিন্তু 90 শতাংশ হিন্দু বাস কৰা অসমত কেৱল মুছলিম সকলৰ নামহে কিয় টানি অনা হৈছে ৷

মোডীলৈ বদৰুদ্দিন আজমলৰ অনুৰোধ

আৰএছএছৰ এনে চিন্তাধাৰাৰ ফলত শ্বাহীন বাগ বদনাম হৈছে ৷ আৰম্ভণিৰ পৰা এয়াই তেওঁলোকৰ মানসিকতা আৰু এনে মানসিকতাৰ লোক সকলো ঠাইতে আছে আৰু নিৰ্বাচনৰ সময়ত ইয়াৰ পৰা আমি সুবিধা ল'ব লাগে ৷ তেওঁ লগতে কয়, "এনে কাৰ্য কৰাৰ মূলতে হ'ল মুছলিমসকলক দেশৰ পৰা বাহিৰ কৰা, গৃহমন্ত্ৰীয়ে বহুবাৰ এনআৰচি অনাৰ কথা কোৱাৰ লগতে মুছলিমসকলক বাহিৰ কৰা হ'ব বুলি মন্তব্য কৰিছে ৷ কিন্তু এতিয়া এনআৰচিৰ কোনো পৰিকল্পনা নাই বুলি ক'লে কিদৰে বিশ্বাস কৰিম ৷"

আৰু পঢ়ক : স্বাস্থ্যৰ অৱনতিৰ বাবে নিৰ্বাচনী প্ৰচাৰত অনুপস্থিত থাকিব ছোনিয়া গান্ধী

ABOUT THE AUTHOR

...view details