অসম

assam

ETV Bharat / bharat

প্ৰসৱৰ পিচত মাতৃয়ে যোগাভ্যাসৰ জৰিয়তে ল'ব লগা সাৱধানতা - থুতৰি

যিসকল মাতৃয়ে সন্তানক দুগ্ধ পান কৰাই তেওঁলোকৰ বাবে যোগাভ্যাসে বিশেষ গুৰুত্ব বহন কৰে ৷ প্ৰসৱৰ সময়ত মাতৃয়ে বিভিন্ন ধৰণৰ ৰোগ বা লক্ষণ যেনে, শাৰীৰিক দুৰ্বলতা, মানসিক অশান্তি, শৰীৰৰ বিষকে আদি কৰি বহুতো ধৰণৰ লক্ষণে দেখা দিয়ে ৷ কিন্তু এগৰাকী মাতৃয়ে কেনেকৈ এই লক্ষণ সমূহৰ মোকাবিলা কৰিব পাৰে ? এই ক্ষেত্ৰত বিমল যোগৰ সংস্থাপক, যোগ বিশেষজ্ঞ ৰিংকী আৰ্যই জনাই যে, এগৰাকী মাতৃয়ে প্ৰসৱৰ পিচত বা আগত যোগভ্যাসে একমাত্ৰ উপায় যাৰ জৰিয়তে তেওঁলোকে আৰম কৰিব পাৰে ৷

Yoga Poses For Lactating Mothers
প্ৰসৱৰ পিচত এগৰাকী মাতৃয়ে যোগাভ্যাসৰ জৰিয়তে লব লগা সাৱধানতা

By

Published : Aug 5, 2020, 8:46 PM IST

নিউজ ডেস্ক, 4 আগষ্ট : যিসকল মাতৃয়ে সন্তানক দুগ্ধ পান কৰাই তেওঁলোকৰ বাবে যোগাভ্যাসে বিশেষ গুৰুত্ব বহন কৰে ৷ যদিওবা প্ৰসৱৰ সময়ত মাতৃয়ে বিভিন্ন ধৰণৰ ৰোগ বা লক্ষণ যেনে, শাৰীৰিক দুৰ্বলতা, মানসিক অশান্তি, শৰীৰৰ বিষকে আদি কৰি বিভিন্ন ধৰণৰ লক্ষণ দেখা দিয়ে ৷ কিন্তু এগৰাকী মাতৃয়ে কেনেকৈ এই লক্ষণ সমূহৰ মোকাবিলা কৰিব পাৰে ? এই ক্ষেত্ৰত বিমল যোগৰ প্ৰতিস্থাপক, যোগ বিশেষজ্ঞ ৰিংকী আৰ্যই জনাই যে, এগৰাকী মাতৃৰ বাবে প্ৰসৱৰ পিচত বা আগত যোগভ্যাসে একমাত্ৰ উপায় যাৰ জৰিয়তে তেওঁলোকে আৰম লাভ কৰিব পাৰে ৷ যোগাভ্যাসে মাতৃৰ দুগ্ধ বিশুদ্ধ কৰাৰ লগতে গৰ্ভৱস্থাৰ সময়ত মাতৃৰ কান্ধ আৰু মেৰুদণ্ডৰ বিষ উপশম কৰে ৷

এই ক্ষেত্ৰত প্ৰস্তুত কৰা কিছু বিধানঃ

1. Cat-Cow Pose: নিজৰ হাত আৰু আঁঠুক টেবুল আকৃতিৰ ফ্লৰত ৰাখক ৷ তাৰ পিচত যেতিয়া আপুনি উশাহ ল'ব তেতিয়া আপুনি থুতৰিটো ওপৰলৈ উঠাওক আৰু মুৰটো পিচফালে লৈ যাওক ৷ নিজৰ নাভিটো তলৰ ফালে নিবলৈ চেষ্টা কৰক আৰু নিতম্বক উপৰলৈ নিবলৈ চেষ্টা কৰক ৷ তাৰ পিচত যেতিয়া আপুনি উশাহ এৰিব তেতিয়া থুতৰিটো পুনৰ তললৈ নমাই আনিব ৷ আৰু আপুনি আগৰ অৱস্থালৈ ঘুৰি আহিবলৈ চেষ্টা কৰক ৷ কিছু সময় আপুনি এনেকৈ কৰি থাকিব কিন্তু মনত ৰাখিব আপুনি এই যোগাভ্যাসটো এবাৰতে কৰিবলৈ যত্ন নকৰিব ৷

2. Sphinx pose: এই যোগাভ্যাসত আপুনি পেট, ভৰিৰ তলুৱা আৰু হাতৰ তলুৱা মাটিত স্পৰ্শ কৰি চিধাকৈ শুই দিব ৷ তাৰ পিচত আপুনি উশাহ ল'বলৈ চেষ্টা কৰিব আৰু আপোনাৰ শৰীৰৰ ওপৰৰ অংশ কিছু উপৰলৈ উঠাবলৈ চেষ্টা কৰিব ৷ কিন্তু মনত ৰাখিব আপোনাৰ শৰীৰে যাতে মাটি স্পৰ্শ কৰিব নোৱাৰে ৷ এনেকৈ আপুনি কিছু সময় থাকিবলৈ চেষ্টা কৰক আৰু আগৰ অৱস্থালৈ উভতি আহিব ৷

3.Eagal pose: এই যোগাভ্যাসত আপুনি নিজৰ আঁঠুৰ ওপৰত ভৰ দি কিছু হালিবলৈ চেষ্টা কৰিব ৷ তাৰ পিচত নিজৰ বাও ভৰি কিছু ওপৰলৈ উঠাই সোঁফালৰ ভৰিৰ চাৰিওফালে মেৰিয়াবলৈ চেষ্টা কৰিব ৷ ইয়াৰ পিচত নিজৰ বাওঁহাতৰ ওপৰৰে সৌহাতখন পাৰ কৰিবলৈ চেষ্টা কৰিব ৷ তাৰ পিচত দুয়োখন হাত কিছু সঞ্চালন কৰিবলৈ চেষ্টা কৰিব ৷ তাৰ পিচত আপুনি 5 ৰ পৰা 10 বাৰ উশাহ ল'বলৈ চেষ্টা কৰক আৰু আগৰ অৱস্থালৈ উভতি আহিব ৷

4. Bridge Pose:এই আসনত আপুনি মজিয়াত শুই দুয়োখন ভৰিৰ পতা লগ লগাবলৈ চেষ্টা কৰক ৷ যিমান দূৰ সম্ভৱ আপুনি কৰিবলৈ চেষ্টা কৰক ৷ তাৰ পিচত বাহুক শৰীৰৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰক ৷ তাৰ পিচত আপুনি উশাহ ল'বলৈ চেষ্টা কৰক আৰু পিঠি আৰু নিতম্বক 1 ৰ পৰা 2 মিনিট সময়লৈ ধৰি লাহে-লাহে উশাহ ল'বলৈ যত্ন কৰিব ৷ কিছু সময় এনেকৈ কৰাৰ পিচত আগৰ অৱস্থালৈ উভতি আহিব ৷

5. Extended Triangle pose:এই আসনত আপুনি ভৰি দুখন 3 ৰ পৰা 4 ফুট বহলকৈ ৰাখক ৷ তাৰ পিচত আপুনি উশাহ লওক আৰু হাতৰ আঙুলি তলৰ ফালে ৰাখক ৷ পৰৱৰ্তী সময়ত আপুনি সোঁফালৰ ভৰিখন 90 ডিগ্ৰীৰ ব্যবধানত বাওভৰিখনৰ পৰা ৰাখিবলৈ চেষ্টা কৰক ৷ তাৰ পিচত আঁঠুৰ ওপৰত বল প্ৰয়োগ কৰি উশাহ ল'বলৈ চেষ্টা কৰক ৷ তাৰ পিচত আপুনি বাওঁহাতখন মূৰৰ ওপৰৰ ফালে থিয় কৰাই কিছু সময় ৰাখিবলৈ চেষ্টা কৰিব ৷ অতি কমেও 30 ছেকেণ্ড সময় থাকিবলৈ চেষ্টা কৰিব আৰু আগৰ সময়লৈ উভতি আহিব ৷

লগতে পঢ়ক : কেন্দ্ৰৰ ঘোষণা : সুশান্তৰ মৃত্যু সন্দৰ্ভত হ'ব চি.বি.আই তদন্ত

ABOUT THE AUTHOR

...view details