অসম

assam

ETV Bharat / bharat

যোগাসনৰ মহত্বৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ পৰিয়ালৰ লগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে ৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৃথিৱীক যোগাসনৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে অভিনন্দন জনোৱাৰ লগতে, যোগাসনৰ মহত্বৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷

Yoga more relevant during pandemic than ever before: Shivraj
Yoga more relevant during pandemic than ever before: Shivraj

By

Published : Jun 21, 2020, 5:23 PM IST

নেশ্যনেল ডেস্ক, 21 জুনঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেওবাৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেপ্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোডীক যোগাসনৰ শক্তিক সমগ্ৰ পৃথিৱীৰ সৈতে পৰিচিত কৰোৱাৰ বাবে অভিনন্দন জনাই কয় যে, যোগাসনৰ মহত্ব আৰু প্ৰাসংগিকতাCOVID-19 মহামাৰীৰ ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ ৷

ইয়াৰ লগতে তেওঁ যোগ দিৱসৰ প্ৰাকক্ষণত কয়, যেতিয়া সকলো লোকেই যোগাসন কৰিবলৈ আৰম্ভ কৰিব তেতিয়াই পৃথিৱীখন আগতকৈ অধিক সুস্থ হৈ উঠিব ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা সম্পৰ্কে কয়, তেওঁ নিজেও বহু বছৰৰ পৰা যোগাসন কৰি আছে ৷ যাৰ বাবে তেওঁ যোগাসনৰ সুফলসমূহো পাইছে ৷ তেওঁৰ মতে, যোগাসন এক শক্তি যিয়ে তেওঁক জিৰণি অবিহনেই নিতৌ 16 ঘন্টা কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰে ৷ যদি তেওঁ সোনকালে কামলৈ ওলাই যাবলগীয়া হয় তেতিয়া, পুৱা উশাহৰ ব্যায়াম অৰ্থাৎ ‘অনুলোম-বিলোম' কৰে ৷ নাইবা গাড়ীৰ ভিতৰত যিখিনি সম্ভৱ সেইখিনি ব্যায়াম কৰে ৷

যোগাসনৰ মহত্বৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

মহৰ্ষি পতঞ্জলিৰ উদ্ধৃতি দি তেওঁ কয়, মানুহৰ ব্যক্তিত্ব 7 টা চক্ৰৰে গঠিত ৷ আভ্যন্তৰীণ শক্তি সেই চক্ৰসমূহৰ ভিতৰৰে অন্যতম ৷ প্ৰত্যেকটো চক্ৰই খুলিব পাৰি ৷ তেওঁৰ বিশ্বাস, যোগাসনৰ শক্তি অনন্ত ৷ এই শক্তিক অভ্যাসৰ দ্বাৰাহে অনুভৱ কৰিব পাৰি ৷

লগতে পঢ়কঃষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস : দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details