নেশ্যনেল ডেস্ক, 20 মাৰ্চ: বিত্তীয় কেলেংকাৰীৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰক ৷ এনফৰ্চমেন্ট ডাৰেক্টৰেটৰ (ED) এখন বিশেষ আদালতে শুকুৰবাৰে ৰাণা কাপুৰক 2 এপ্ৰিল পৰ্যন্ত ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷
ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰক 2 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ
2 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰাণা কাপুৰক ৷ বিত্তীয় কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল কাপুৰক ৷
16 মাৰ্চৰ দিনা এখন বিশেষ আদালতে কাপুৰক 20 মাৰ্চ পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ৷ 5 দিনৰ ন্যায়িক জিম্মাত ৰখাৰ পাচত ৰাণা কাপুৰক বিশেষ আদালতৰ সন্মুখত উপস্থিত কৰোৱা হৈছিল ৷ উল্লেখ্য যে,ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক গৰাকীক 7 মাৰ্চৰ দিনা অনুসন্ধান সংস্থাই গ্ৰেপ্তাৰ কৰিছিল ৷ মুম্বাইৰ এখন আদালতে 11 মাৰ্চৰ দিনা ৰাণা কাপুৰক ED ৰ হাতত অৰ্পণ কৰিছিল ৷ 5 দিনৰ অন্তত ED য়ে য়েছ বেংক আৰু DHFLৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত এখন চাৰ্জ শ্বীট আদালতত দাখিল কৰিছিল ৷ যোৱা সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বেংকসমূহৰ চতুৰ্থ স্থানৰ ইয়েছ বেংকৰ নিৰ্দেশক মণ্ডলীক বৰ্খাস্ত কৰিছিল ৷
আৰু পঢ়ক : কৰ'ণা ভাইৰাছ : ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মোডীৰ ভিডিঅ' কনফাৰেন্স