নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ:গ্ৰাম্য অৰ্থনীতি আৰু কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ য়েডিউৰাপ্পাই বুধবাৰে বিশেষ আঁচনি ঘোষণা কৰে ৷ ৰাজ্য চৰকাৰে কৃষি খণ্ডত বিকাশ সাধন কৰাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত প্ৰায় 39,300 কোটি টকাৰ পাম্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে ৷
কৰ্ণাটকৰ সমবায় বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত "ফাইনেন্স ৰেচপ'ন্স" শীৰ্ষক আঁচনি মুকলি কৰাৰ পাচত প্ৰদান কৰা ভাষণত তেওঁ কয়, 39,300 কোটি টকাৰ প্ৰস্তাবিত অনুদানটো সমবায় প্ৰতিষ্ঠানৰ মাধ্যমেৰে বিতৰণ কৰা হ'ব ৷