নিউজ ডেস্ক, 29 এপ্ৰিলঃ চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙে বিগত 26/27 এপ্ৰিলত সম্বোধন কৰে বেল্ট এণ্ড ৰোড ফৰামৰ দ্বিতীয়লানি আলোচনা ৷ বিশ্বৰ সৈতে চীনৰ সম্পৰ্ক উন্নত কৰিবলৈ চীনৰ ৰাষ্ট্ৰপতিয়ে এই বিশেষ আলোচনা অনুষ্ঠিত হয় ৷
সমগ্ৰ ইউৰোপ আৰু এছিয়াৰ দেশসমূহৰ মাজত সামূহিক স্তৰত উন্নয়নৰ লক্ষ্যৰে চীনৰ ৰাষ্ট্ৰপতিয়ে এই বিশেষ চীনা মডেল বিশ্ববাসীৰ আগত দাঙি ধৰিছিল ৷ ইউৰোপ আৰু এছিয়াৰ মাধ্যমেৰে দক্ষিণ-পূব, দক্ষিণ আৰু পশ্চিম এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু লেটিন আমেৰিকাৰ মাজত স্থল, জল, ব্যৱসায়িক আৰু বিনিয়োগৰ জৰিয়তে এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ সপক্ষে চীনে বিশ্ববাসীৰ আগত এই বিশেষ মডেল দাঙি ধৰিছিল ৷
সৰ্বমুঠ 125 খন দেশৰ লগতে 40 আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বিতীয়লানি আলোচনাত 37 গৰাকী বিশ্বপ্ৰধান আৰু 5000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ এই আলোচনাত 90 মিলিয়ন ডলাৰৰ মুঠ 175 খন চুক্তি স্বাক্ষৰিত হয় ৷ আনহাতে আন্তঃগাঁথনিগত প্ৰকল্পৰ বাবে সৰ্বমুঠ 1 ত্ৰিলিয়ন ডলাৰ ধাৰ্য্য কৰা হয় ৷
আলোচনাৰ মাজতে দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান,ঝাউটিৰ ৰাষ্ট্ৰপতি ওমৰ গুল্লেহ, চেজ ৰাষ্ট্ৰপতি মিলোচ জেমেন আৰু কাজাখাস্তানৰ ৰাষ্ট্ৰপতি নুৰচুলতান নজৰবায়েভৰ সৈতে পৃথকে পৃথকে মিলিত হয় ঝী জিনপিং ৷ বেইজিংৰ গ্ৰেট হল অৱ পিপলত এইসমূহ ৰাষ্ট্ৰনেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় ৷