অসম

assam

ETV Bharat / bharat

কেৰালাৰ পৰা ডাক্তৰ-নাৰ্চ বিচাৰিলে মহাৰাষ্ট্ৰই - Kerala Health Minister Shailaja

বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰে ডাক্তৰ-নাৰ্ছৰ বিচাৰি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে কেৰালালৈ । কেৰালাৰ পৰা সেৱাৰ বাবে মহাৰাষ্ট্ৰলৈ অহা MBBS ডাক্তৰ সকলক প্ৰতিমাহে 80,000 টকাকৈ দিব আৰু MD/MS সকলক 2 লাখ টকাকৈ দিব । আনহাতে নাৰ্চ সকলক প্ৰতিমাহে 30,000 টকাকৈ দিব ।

কেৰালাৰ পৰা ডাক্তৰ-নাৰ্চ বিচাৰিলে মহাৰাষ্ট্ৰই
কেৰালাৰ পৰা ডাক্তৰ-নাৰ্চ বিচাৰিলে মহাৰাষ্ট্ৰই

By

Published : May 25, 2020, 11:35 PM IST

নিউজ ডেস্ক, 25 মে':মহাৰাষ্ট্ৰ চৰকাৰে পত্ৰযোগে ৰাজ্যখনত সৰ্বাধিক Covid-19ত ক্ষতিগ্ৰস্থ মুম্বাই আৰু পুনেৰ উদ্যোগ-বাণিজ্যিক অঞ্চলত এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কেৰালা চৰকাৰৰ পৰা সহায় বিচাৰিছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰাজেশ টোপে কেৰেলাৰ স্বাস্থ্য আৰু সমাজকল্যাণ মন্ত্ৰী কে. শৈলজাৰ সৈতে হোৱা মত বিনিময়ৰ পিচত COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ এই সিদ্ধান্ত লোৱা হয় ।

বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰে ডাক্তৰ-নাৰ্ছৰ বিচাৰি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে কেৰালালৈ । কেৰালাৰ পৰা সেৱাৰ বাবে মহাৰাষ্ট্ৰলৈ অহা MBBS ডাক্তৰসকলক প্ৰতিমাহে 80,000 টকাকৈ দিব আৰু MD/MS সকলক 2 লাখ টকাকৈ দিব । আনহাতে নাৰ্চসকলক প্ৰতিমাহে 30,000 টকাকৈ দিব । মহাৰাষ্ট্ৰ চৰকাৰে চিকিৎসক আৰু নাৰ্চ সকলক থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সেৱাৰ লগত জড়িত সকলো সামগ্ৰী প্ৰদান কৰিব ।

আনহাতে সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে 600 খন বিছনাৰ COVID স্বস্থ্য কেন্দ্ৰ প্ৰতিস্থা কৰিব । য'ত 125 খন ICU বিছনা অন্তৰ্ভুক্ত হৈ থাকিব । মহাৰাষ্ট্ৰত বহু ব্যক্তিগত হাস্পতাল আছে যদিও তাত বৰ্তমান তাত অধিক চিকিৎসকৰ প্ৰয়োজন আছে ।

ABOUT THE AUTHOR

...view details