পৰ্যটনৰ বাবে মুকলি কৰা হল চিয়াচেন
বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনক মুকলি কৰা হ’ল পৰ্যটনৰ বাবে ৷
পৰ্যটনৰ বাবে মুকলি কৰা হল চিয়াচেন
নেশ্যনেল ডেস্ক, 21 অক্টোবৰঃ বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনক মুকলি কৰা হ’ল পৰ্যটনৰ বাবে ৷ এই কথা সোমবাৰে লাডাখত ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ তেঁও কয় যে লাডাখত পৰ্যটনৰ বাবে বহুত সম্ভাৱনা আছে ৷ ইয়াৰ ওপৰিও প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কৰ্ণেল চেৱাং ৰাইচেন সেতু মুকলি কৰে ৷ লাডাখৰ শ্বিয়ক নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেতুখন ৷ বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচনৰ নেতৃত্বত 430 মিটাৰ দীঘল দলঙখন নিৰ্মাণ কৰা হৈছে ৷