আজি বিশ্ব পৰ্যটন দিৱস
প্ৰতিবছৰে 27 ছেপ্টেম্বৰৰ দিনটোক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসৰূপে উদযাপন কৰি অহা হৈছে
নিউজ ডেস্ক, 27 ছেপ্টেম্বৰঃপ্ৰতিবছৰে 27 ছেপ্টেম্বৰৰ দিনটোক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসৰূপে উদযাপন কৰি অহা হৈছে ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে বিশ্ব সমুদায়ৰ মাজত পৰ্যটনৰ সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ যোগেদি বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা ৷ এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে 'পৰ্যটন আৰু নিয়োগঃ সকলোৰে এক সুন্দৰ ভৱিষ্যত'৷ এই ভাৱধাৰাৰে বিশ্ব পৰ্যটন সংস্থাই বছৰটোৰ বাবে দক্ষতা,শিক্ষা আৰু নিয়োগ সৃষ্টিৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৷ 2019 বৰ্ষৰ বাবে সংস্থাটোৱে ভাৰতক আয়োজক দেশ হিচাপে মনোনীত কৰিছে ৷ উল্লেখ্য যে ভাৰতত বিশ্ব পৰ্যটন দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে 26 আৰু 27 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৷ চলিত বৰ্ষত প্ৰকাশিত গ্লবেল ট্ৰেভেল আৰু টুৰিজিম কমপেটিটিভনেচ ৰিপৰ্ট 2019 অনুসৰি ভাৰতবৰ্ষই 4.4 পইণ্ট লাভ কৰি 6 টাকৈ স্থান আগুৱাই 34 নং স্থানত উপনীত হৈছে ৷ আনহাতে এই তালিকাত স্পেইনে 5.4 পইণ্ট অৰ্জনেৰে শীৰ্ষত উপবিষ্ট হৈছে ৷