অসম

assam

ETV Bharat / bharat

আজি বিশ্ব ব্যাঘ্ৰ দিৱস

বাঘ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ প্ৰয়োজন ৷ অৱশ্যে ভাৰতত তুলনামূলক বাঘৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্বৰ মুঠ বাঘৰ 70 শতাংশ বাঘ ভাৰততে আছে ৷

World Tiger Day for Increasing tiger Population
বাঘৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে আজি বিশ্ব ব্যাঘ্ৰ দিৱস পালন

By

Published : Jul 29, 2020, 7:09 PM IST

কলিয়াবৰ,29 জুলাইঃ আজি বিশ্ব ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে ২৯ তাৰিখটো বিশ্ব ব্যাঘ্ৰ দিৱস ৰূপে পালন কৰা হয় । এছিয়াৰ এই ভয়াল-সুন্দৰ প্ৰাণীটো অৱলুপ্তিৰ পথলৈ গতি কৰি আছে আৰু বিগত শতিকাত ইয়াৰ জনসংখ্যা ১,০০,০০০ৰ পৰা ৩,৫০০ লৈকে অৱনমিত হৈছে । তাৰোপৰি,অকল বিগত দশকটোতেই বাঘৰ আৱাসভূমি ৪০ শতাংশ পৰ্যন্ত সংকুচিত হৈছে ।

আজি বিশ্ব ব্যাঘ্ৰ দিৱস

দক্ষ ব্যৱস্থাপনা, বাঘৰ আৱাসৰ সংৰক্ষণ, চোৰাং চিকাৰ ৰোধৰ বাবে সহযোগিতাৰে কাম কৰা, জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় লোকক জড়িত কৰা, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংস্থাৰ পৰা পুঁজি বিচৰা, ২৯ জুলাইক বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে উদযাপন কৰা আদি পদক্ষেপৰ দ্বাৰা ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুণ কৰাৰ অংগীকাৰ লৈছিল।১৯৭০ চনৰ ব্যাঘ্ৰ প্ৰকল্পক (Project Tiger) ২০০৬ চনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণলৈ (National Tiger Conservation Authority চমুকৈ NTCA) পৰিৱৰ্তন কৰা হয়।

কাজিৰঙাৰ বানৰ সময়ত সাঁতুৰি ফুৰা এটা বাঘৰ দৃশ্য

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ হৈছে বন্যপ্ৰাণী (সংৰক্ষণ) আইন, ১৯৭২ৰ অন্তৰ্গত এটা বিধিসন্মত অনুষ্ঠান। বাঘৰ মৃত্যু, পুনঃসূচনা, মানুহৰ বাসভূমিলৈ ওলাই অহা বাঘ, কেন্দ্ৰীয় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা গাঁওসমূহক স্বেচ্ছামূলকভাৱে অন্য স্থানত পুনঃসংস্থাপন, ‘ব্যাঘ্ৰ প্ৰকল্প’নামৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৃষ্ঠপোষকতাত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ যথেষ্ট পুঁজিৰ যোগান ধৰা আদি বিষয় চম্ভালিবৰ বাবে ব্যঘ্ৰ সংৰক্ষণ পৰিকল্পনা,মানক পৰিচালন প্ৰক্ৰিয়া আৰু সৰ্বভাৰতীয় ভিত্তিত ৪ বছৰৰ মূৰত এবাৰ আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল পৰ্যায়ত বছৰত এবাৰ তীব্ৰ নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ আদি পদক্ষেপেৰে সংস্থাটোৱে শেহতীয়া বছৰ কেইটাত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে বাঘ সংৰক্ষণৰ ক্ষেত্ৰখনত বিশেষ গুৰুত্ব দিছে।

বাঘৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে পালন বিশ্ব ব্যাঘ্ৰ দিৱস

২০১৪ চনৰ গণনা অনুসৰি ভাৰতত ৪০৬ টা বাঘ থকাৰ বিপৰীতে ২০১৮ চনৰ ভৰতত বাঘৰ গণনা অনুসৰি ভাৰতত ২২২৬ টা বাঘ আছিল। যিটো সম্প্ৰতিক সময়ত ২৯৬৭টালৈ বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ বৈজ্ঞানিক হস্তক্ষেপে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাঘক জীনীয় সংযুক্তিৰ ফালৰ পৰা এটা সুকীয়া চৰিত্ৰ প্ৰদান কৰিছে। এই বাঘৰ সুকীয়া প্ৰকাৰটোক সংৰক্ষণ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিশ্ৰুতিবদ্ধ।২০১৯ চনৰ বিশ্ব ব্যাঘ্ৰ দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰা 'ষ্টেটাছ অব টাইগাৰ্ছ ইন ইণ্ডিয়া ২০১৮' শীৰ্ষক প্ৰতিবেদন অনুসৰি ৰাজ্যখনত মুঠ ১৯০ টা বাঘ আছে ৷ ইয়াৰ বিপৰীতে ২০১৪ চনত অসমত বাঘৰ সংখ্যা আছিল ১৬৭ টা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসম আৰু উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰতো বাঘৰ উৎস জনসংখ্যাৰ ক্ষেত্ৰ হিচাপে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৮ৰ তথ্য মতে ৰাষ্ট্ৰীয় উদ্যানখনত ১০৪টা বাঘ আছে। কিন্তু কাৰ্বি আংলং পাহাৰত চলি থকা ব্যাপক খনন, শিলৰ কোৱেৰী আদিয়ে কাজিৰঙাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে। আনহাতে বান, চোৰাং চিকাৰী আদিৰ মাত্ৰা বৃদ্ধি পোৱাৰ পাছতো ৰাজ্যত বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো লক্ষ্যণীয় হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে বন ৰজাৰ সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে প্ৰায় এটা দশকৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰজেক্ট টাইগাৰ আৰু ছেভ টাইগাৰ শীৰ্ষক এক আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিখন ২০২০ চনত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ বাবে এই আঁচনিখন তৈয়াৰ কৰা হৈছিল। শেহতীয়াকৈ লাওখোৱা-বুঢ়া চাপৰিত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে।

লগতে পঢ়কঃ আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস

ABOUT THE AUTHOR

...view details