অসম

assam

ETV Bharat / bharat

আজি বিশ্ব মহ দিৱস - বিশ্ব মেলেৰিয়া দিৱস 2019

আজি বিশ্ব মহ দিৱস৷ এই দিনটো 1897 চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল ব্ৰিটিছ চিকিৎসক চাৰ ৰোনাল্ড ৰোচে৷

বিশ্ব মহ দিৱস

By

Published : Aug 20, 2019, 3:11 PM IST

Updated : Aug 20, 2019, 3:16 PM IST

নিউজ ডেস্ক,20 আগষ্টঃ আজি বিশ্ব মহ দিৱস৷ এই দিনটো 1897 চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰিছিল ব্ৰিটিছ চিকিৎসক চাৰ ৰোনাল্ড ৰোচে৷ তেখেতে মাইকী এন’ফিলিচ মহৰ দ্বাৰা সৃষ্টি হোৱা মেলেৰিয়া ৰোগৰ ভয়াবহতাৰ কথা উদ্ভাৱন কৰিছিল৷ তাৰেই পৰিপ্ৰেক্ষিতত মেলেৰিয়া ৰোগৰ কাৰণ আৰু ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে আজিৰ দিনটোক "বিশ্ব মহ দিৱস" হিচাপে পালন কৰা হয়৷

বিশ্ব মেলেৰিয়া দিৱস 2019ঃ বিষয়বস্তু
2019 চনৰ "বিশ্ব মেলেৰিয়া দিৱস"ৰ বিষয়বস্তু হ’ল ‘জিৰো মেলেৰিয়া মোৰ পৰাই আৰম্ভ’
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই বিয়বস্তুটোৱে বিশ্বৰ মেলেৰিয়া সম্প্ৰদায়ৰ সামুহিক শক্তি আৰু প্ৰতিবন্ধতাক ৰেখাংকিত কৰি মেলেৰিয়া মুক্ত পৃথিৱীৰ লক্ষ্যক একত্ৰিত কৰা৷

মহ কি?ঃ
মহ শব্দটো প্ৰকৃততে এক স্পেনিছ শব্দ যাৰ অৰ্থ হ’ল ‘সৰু মাখি’৷ সাধাৰণতে মৌ মাখিৰ দৰে মহেও ফুলৰ মৌ খায় যদিও আমি সাধাৰণতে ধৰি লও যে ই মানুহৰ ৰক্তপাণ কৰি জীয়াই থাকে যিটো সম্পূৰ্ণৰূপে মিছা৷ কিন্তু সময়সাপেক্ষে ইয়াৰ বেমাৰ কঢ়িওৱা ক্ষমতাৰ বাবে ই ভয়ংকৰ হৈ উঠিব পাৰে৷ মহৰ দ্বাৰা মেলেৰিয়া, ডেংগী, হালধীয়া জ্বৰ, এনকেফেলাইটিছ, যিকা আদিৰ দ্বৰে ভয়ানক ৰোগসমূহ বিয়পিব পৰে৷

মহ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তাঃ
মহ নিয়ন্ত্ৰণ সকলোৰে বাবে প্ৰয়োজনীয় কাৰণ ৰোগ প্ৰসাৰৰ ক্ষেত্ৰত মহৰ তাত থকা বেক্টৰ ক্ষমতা বহিৰাগত ক্ৰিয়া কলাপক ব্যাহত কৰা বিৰক্তিৰ কাৰণ৷ এক সংক্ৰমিত ব্যক্তি বা প্ৰাণীৰ পৰা পেথোজেন পোৱাৰ পিছত মহটোৱে নিজে সংক্ৰমিত হৈ হে ৰোগ সংক্ৰমিত কৰিব পাৰে৷

মহ নিয়ন্ত্ৰণৰ উপায়ঃ

1. ঘৰৰ কাষৰ স্থায়ী পানী পেলাই দিয়ক৷
2. মহক বাহিৰত ৰাখক৷
3. মহ নিৰোধক ব্যৱহাৰ কৰক৷
4. ঘৰৰ বাহিৰত পাতল ৰঙৰ কাপোৰ পৰিধান কৰক৷
5. পুৱা আৰু আবেলি সময়ত ঘৰৰ ভিতৰত থাকক৷


বিশ্বত এতিয়াও প্ৰতি দুই মিনিটত এটি শিশুৰ মহৰ দ্বাৰা বিয়পোৱা ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ এইক্ষেত্ৰত বিশ্ব মহ দিৱসে বিশ্বজুৰি বিভিন্ন ব্যক্তি তথা লাখ লাখ জীৱন ৰক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত দায়ৱদ্ধতা সৃষ্টি তথা মহৰ দ্বাৰা সৃষ্টি হোৱা ৰোগসমূহৰ অৱসান ঘটাই সম্প্ৰদায় আৰু অৰ্থনৈতিক দিশতো সফলতা লাভ কৰাত সহায় কৰিব৷

Last Updated : Aug 20, 2019, 3:16 PM IST

ABOUT THE AUTHOR

...view details