অসম

assam

ETV Bharat / bharat

বিবাহ বিচ্ছেদ কৰি কোটিপতি হ'ল মহিলা - ETV BHARAT

আপুনি জানি আচৰিত হ'ব যে স্বামীৰ সৈতে বিবাহ  বিচ্ছেদ কৰি কোনো এগৰাকী মহিলা কেনেকৈ বিশ্বৰ চতুৰ্থ গৰাকী ধনী মহিলাৰ তালিকাত সোমাল।

বিবাহ বিচ্ছেদ কৰি কোটিপতি হ'ল মহিলা

By

Published : Jul 4, 2019, 8:55 PM IST

নিউজ ডেস্ক,4 জুলাই: হয়,এই কথা সচাঁ যে স্বামীৰ সৈতে বিচ্ছেদ হৈ মেকেঞ্জি নামৰ মহিলা গৰাকী বিশ্বৰ ধনী মহিলাৰ তালিকাত চতুৰ্থ নম্বৰত নাম হৈছে। এই মহিলা গৰাকী আন কোনো নহয়। এওঁ হৈছে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি আৰু সৰ্বজনপ্ৰিয় এমাজনৰ অধ্যক্ষ জেফ বেজ'ছৰ পত্নী মেকেঞ্জী।

উল্লেখ্য যে জেফৰ লগত বিবাহ বিচ্ছেদ কৰাৰ পাছত পত্নী মেকেঞ্জী বেজ'ছে লাভ কৰিব ৩৮ আৰব ডলাৰ। আৰু এইটো হৈছে বৰ্তমানলৈ বিশ্বৰ ভিতৰত বিবাহ বিচ্ছেদৰ পাছত পত্নীয়ে স্বামীৰ পৰা লাভ কৰা মোটা অংকৰ ধন।

উল্লেখ্য যে জেফ বেজ'ছ হৈছে এমাজনৰ প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। তেওঁলোক দুয়োৰে বিবাহ সম্পন্ন হৈছিল ২৬ বছৰ পূৰ্বে।

৪৯ বৰ্ষীয় মেকেঞ্জী হৈছে এগৰাকী লেখিকা। স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ পাছত লাভ কৰিবলগীয়া ধনৰ বাবদ মেকেঞ্জীৰ নাম এতিয়া সন্নিৱিষ্ট হ'ব বিশ্বৰ সবাতোকৈ ধনী মহিলাৰ তালিকাৰ চতুৰ্থ নম্বৰত। মেকেঞ্জীয়ে ইতিমধ্যে তেওঁ এই সম্পত্তিৰ আধা অংশ দান কৰিব বুলি জনাইছে।

১৯৯৩ চনত বিবাহপাশত আৱদ্ধ হৈছিল এওঁলোক দুয়ো। ইয়াৰ এবছৰ পাছত অৰ্থাত ১৯৯৪ চনত চিয়াটেলৰ নিজৰ বাসগৃহৰ গেৰেজত জেফে আৰম্ভ কৰিছিল এমাজন।

ব্লুমবাৰ্গ বিলিয়নাৰ্চ ইনডেস্কে প্ৰকাশ কৰা অনুসৰি বিবাহ বিচ্ছেদৰ বাবে পত্নীক ৩৮ আৰব ডলাৰ দিয়াৰ পাছতো জেফ ১১৮ আৰব ডলাৰ সম্পত্তিৰ সৈতে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিজনে হৈ থাকিব।

ABOUT THE AUTHOR

...view details