নেচনেল ডেক্স, 4 আগষ্ট :মানুহে কয় বন্ধুত্ব এনে এক বান্ধোন যাৰ কোনো শেষ নাথাকে কিয়নো "বন্ধুত্ব" কেৱল এটা শব্দই নহয় ই এক অনুভৱ, এক পাৰস্পৰিক বান্ধোন, কিন্তু কেতিয়াবা ভাবি চাইছেনে আপোনাৰ বন্ধু-বৰ্গৰ লগত বন্ধুত্ব উদযাপনৰ বাবে এটা বিশেষ দিনৰ কিয় প্ৰয়োজন ৷
বন্ধুত্ব দিৱসৰ ইতিহাস বহু পুৰণি ৷ ইয়াৰ আৰম্ভণি হৈছিল 1958 চনতেই, তেতিয়াৰ পৰাই এই বন্ধুত্ব নামৰ মধুৰ অনুভৱক এটা বিশেষ দিন ধাৰ্য কৰি উদযা্পন কৰি অহা হৈছে ৷ চিনেমা, ছ'চিয়েল মিডিয়া আৰু কেৰিয়াৰৰ উচ্চাকাংক্ষাই সময়ৰ লগে লগে "বন্ধুত্বৰ" সংজ্ঞা সলনি কৰি পেলাইছে ৷ গতিশীল সময়ে এজন ব্যক্তিৰ বন্ধুত্বক চোৱাৰ যি দৃষ্টিভংগী তাতো প্ৰভাৱ পেলাইছে ৷ একে সময়তে বন্ধুত্বৰ বান্ধোন চিৰস্থায়ী যদিও, বন্ধুত্বৰ নামত এটা দিনে সম্পৰ্কটো অধিক শক্তিশালী কৰে বুলিও বহুতে নিজৰ মত পোষণ কৰে আৰু কিছুমানৰ বাবে এই দিনটোৰ মহত্বও আন সাধাৰণ দিনবোৰৰ দৰেই ৷
নতুন দিল্লীৰ 28 বৰ্ষীয় কবি তনয় কুমাৰৰ মতে "যদি বন্ধুত্বৰ অনুভৱবোৰ উদযা্পনৰ বাবে এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন আহি পৰে তেন্তে ই হৈ পৰে গণনা কৰি পৰা সংখ্যাৰ দৰে ৷ " দিলৱালে দুলহনীয়া লে জায়েংগে" চিনেমা খনৰ উদাহৰণেৰে তেওঁ বন্ধুত্বক বাখ্যা কৰি কয় যে, বন্ধুত্বৰ সংজ্ঞা সকলোৰে বাবে বেলেগ যেনে চিনেমাখনত ছিমৰণৰ বাবে যদি নিজৰ মাক প্ৰকৃত বন্ধু তেন্তে ৰাজৰ প্ৰিয় বন্ধু তেওঁৰ পিতৃ ৷ "বন্ধুক বেয়া পথত যাবলৈ বাধা দিয়াটোৱেই হৈছে এজন প্ৰকৃত বন্ধুৰ কৰ্তব্য" বুলি ছবিখনত উল্লেখ কৰিছিল পিতৃয়ে ৷
লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থী সাখী ৰাৱন্তে বন্ধুত্বৰ দিনটোক "সচা বন্ধুত্ব উদযা্পনৰ প্ৰতীক" হিচাপে অনুভৱ কৰে ৷ তেওঁৰ মতে মানুহ এজন এটা নিৰ্দিষ্ট দিনত জন্মগ্ৰহণ কৰে কিন্তু প্ৰত্যেক দিনাই জীয়াই থাকে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মানুহে সকলো দিনতে নিজৰ জন্মদিন উদযা্পন কৰিব ৷"