অসম

assam

ETV Bharat / bharat

বিশ্ব মস্তিস্ক দিৱস ২০২০

মানৱ শৰীৰৰ অংগ সমূহৰ ভিতৰত মস্তিস্কই হ’ল আটাইতকৈ জটিল অংগ ৷ আমাৰ শৰীৰৰ কাৰ্যকলাপসমূহ সঠিকভাৱে পৰিচালনা কৰিবলৈ ই অজস্ৰ স্নায়ুৰ সৈতে একেলগ হৈ কাম কৰে ৷ প্ৰতি বছৰতে ২২ জুলাই তাৰিখে অন্য অংশীদাৰী সংস্থাসমূহৰ সৈতে যুটীয়াভাৱে ৱৰ্ল্ড ফেডাৰেশ্বন অৱ নিউৰ’লজীয়ে (ডব্লিউ এফ এন) বিশ্ব মস্তিস্ক দিৱস পালন কৰি আহিছে ৷

By

Published : Jul 23, 2020, 10:55 AM IST

World Brain Day 2020
বিশ্ব মস্তিস্ক দিৱস ২০২০

ডব্লিউ এফ এনৰ সভাপতি, প্ৰফেছৰ উইলিয়াম কেৰ’লে কয়, “২০২০ চনৰ ২২ জুলাইত বিশ্ব মস্তিস্ক দিৱস উপলক্ষে এই কথা ঘোষণা কৰিবলৈ পাই আমি খুবেই উৎসাহিত আৰু আনন্দিত যে এই বছৰ ৱৰ্ল্ড ফেডাৰেশ্বন অৱ নিউৰ’লজীয়ে (ডব্লিউ এফ এন) পাৰ্কিনশ্বনছ ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে “দ্য ইন্টাৰনেশ্বনেল পাৰ্কিনশ্বন এণ্ড মুভমেন্ট ডিজৰ্ডাৰ ছ’চাইটী”ৰ সৈতে লগ হৈ কাম কৰিব ৷ বৰ্তমান বিশ্বত সকলো আয়ুস বৰ্গৰে প্ৰায় ৭ কোটি লোক পাৰ্কিনশ্বনছ ৰোগত আক্ৰান্ত হৈ আছে ৷ কিন্তু পাৰ্কিনশ্বনছ ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালসমূহ বা তেওঁলোকক যত্ন লোৱা লোকসকলৰ কথা যোগ দিলে এই সংখ্যা বহু বেছি হ’ব ৷ কিয়নো এই ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালবৰ্গ তথা তেওঁলোকক যত্ন লোৱা লোকসকল ইয়াৰ প্ৰভাৱৰ দাৰা যথেষ্ট প্ৰভাৱান্বিত ৷

মানৱ শৰীৰৰ অংগ সমূহৰ ভিতৰত মস্তিস্কই হ’ল আটাইতকৈ জটিল অংগ ৷ আমাৰ শৰীৰৰ কাৰ্যকলাপসমূহ সঠিকভাৱে পৰিচালনা কৰিবলৈ ই অজস্ৰ স্নায়ুৰ সৈতে একেলগ হৈ কাম কৰে ৷ প্ৰতি বছৰতে ২২ জুলাই তাৰিখে অন্য অংশীদাৰী সংস্থাসমূহৰ সৈতে যুটীয়াভাৱে ৱৰ্ল্ড ফেডাৰেশ্বন অৱ নিউৰ’লজীয়ে (ডব্লিউ এফ এন) বিশ্ব মস্তিস্ক দিৱস পালন কৰি আহিছে ৷ প্ৰত্যেক বছৰেই তেওঁলোকে কোনো এক নতুন বিষয়ত ধ্যান কেন্দ্ৰিত কৰে আৰু ইয়াৰ বিষয়ে সচেতনতাৰ সৃষ্টি কৰে ৷ ২০১৪ চনৰ ২২ জুলাই তাৰিখটো “বিশ্ব মস্তিস্ক দিৱস” ৰূপে পালন কৰাৰ বাবে ‘জনসচেতনতা আৰু ওকালতি সমিতি’ৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছিল ৷

প্ৰকৃততে পাৰ্কিনশ্বনছ ৰোগ কি ?

“সাধাৰণতে স্নায়ুজনিত ৰোগসমূহৰ ভিতৰত এলজেইমাৰৰ পাচতেই পাৰ্কিনশ্বনছ ৰোগেই হ’ল দ্বিতীয় সৰ্বাধিক হোৱা ৰোগ ৷ পাৰ্কিনশ্বনছ ফাউণ্ডেশ্বনে কয়, “পাৰ্কিনশ্বনছ ৰোগ (পি ডি) হ’ল নিউৰ’ডিজেনেৰেটিভ বিসংগতি ৷ যিয়ে প্ৰধানত মগজুৰ ছাবছ্‌স্তানছিয়া নাইগ্ৰা নামৰ এক বিষেশ স্থানত ড’পামিন উৎপন্ন (ড’পামিনাৰ্জিক) কৰা নিউৰনবোৰত প্ৰভাৱ পেলায় ৷” এই ৰোগবিধত আক্ৰান্ত হোৱা যিকোনো ব্যক্তিৰ দেহত বছৰৰ পাচত বছৰ ধৰি এই ৰোগৰ লক্ষণসমূহ বিকাশ হ’বলৈ ধৰে বা তেনেকৈয়ে তেওঁৰ জীৱন আগবাঢ়ে ৷ এতিয়ালৈকে এই ৰোগৰ মূল কাৰণ সম্পৰ্কে জানিব পৰা হোৱা নাই ৷ যি নহওক ইয়াৰ লক্ষণসমূহৰ গতি লেহেমীয়া কৰিবলৈ ঔষধ উপলব্ধ আৰু এই ৰোগৰ এক সঠিক প্ৰতিকাৰ আৰু ইয়াৰ চিকিৎসাৰ বাবে গৱেষণা কৰি থকা হৈছে ৷

  • বৰ্ধিত আয়ুসৰ ৰাষ্ট্ৰীয় সংস্থাৰ দাৰা বৰ্ণিত পাৰ্কিনশ্বনছ ৰোগৰ কিছু লক্ষণ তলত দিয়া ধৰণৰ -
  • হাত, ভৰি, মুখমণ্ডল, বা মূৰৰ কঁপনি (ট্ৰিম’ৰ)
  • অংগ তথা শৰীৰৰ সঞ্চালনত দেখা দিয়া জঠৰতা
  • চলন ফুৰণত হোৱা অলসতা
  • শৰীৰৰ সন্তোলনহীনতা তথা সমন্বয়হীনতাৰ বাবে কোনোমুহূৰ্তত ধলি পৰা
  • আন আন লক্ষণসমূহত অন্তৰ্ভুক্ত কৰিব পাৰি,
  • অৱসাদ
  • খাদ্য সেৱন কৰোঁতে বা চোবাওতে হোৱা কঠিনতা
  • কথা কওঁতে হোৱা অসুবিধা
  • প্ৰস্ৰাৱত হোৱা সমস্যা আৰু কৌষ্ঠকাঠিন্যতা
  • চালৰ সমস্যা
  • টোপনিৰ খেলিমেলি

আনকি ৰোগবিধ বাঢ়ি যোৱাৰ লগে লগে ব্যক্তিজন সন্মুখলৈ ক্ৰমান্বয়ে হালি যাবও পাৰে বা হাত আৰু ভৰিৰ সঞ্চালনত জঠৰতাও আহি পৰিব পাৰে ৷

সাধাৰণতে পাৰ্কিনশ্বনছ ৰোগ বয়সীয়াল লোকসকলৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায় আৰু ইয়াৰ দাৰা মহিলাসলকতকৈ পুৰুষসকলহে সৰ্বাধিক আক্ৰান্ত হয় ৷ পুৰুষসকলৰ ক্ষেত্ৰতহে ই অধিক কিয়, সেই বিষয়ে গৱেষণা কৰি থকা হৈছে ৷

ক’ভিড-১৯ আৰু আমাৰ মগজু :

চলিত বৰ্ষত কৰ’না মহামাৰীৰ লগত সহবাস কৰি থকাৰ যি পৰিস্থিতিত ন’ভেল কৰ’না ভাইৰাছে অন্যান্য বিস্তৃত লক্ষণসমূহৰ লগতে আমাৰ মগজুতো প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে ৷ ডব্লিউ এফ এনৰ মতে, “মগজু আৰু স্নায়ুৰ কথালৈ যেতিয়া লক্ষ্য কৰা যায়, ৰোগীৰ ওপৰত ভাইৰাছবিধে মূল চাৰিটা প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় ”৷

  1. এক দোধোৰ মোধোৰ অৱস্থা ,কোনোসময়ত ই মানসিক বিকৃতি আৰু স্মৃতি ভ্ৰামকো হ’ব পাৰে
  2. মস্তিস্কৰ পুৰণি
  3. তেজ গোট মৰাৰ ফলত ষ্ট্ৰ’ক পৰ্যন্ত ঘটিব পাৰে (কম বয়সীয়া ৰোগীৰ ক্ষেত্ৰত )
  4. শৰীৰৰ স্নায়ুসমূহৰ ক্ষতিসাধনৰ সম্ভাৱনীয়তা, আৰু ইয়াৰ ফলত হোৱা বিষ আৰু চেতনাহীনতা

“আজিৰ তাৰিখলৈকে সমগ্ৰ বিশ্বজুৰি এই প্ৰভাৱবোৰৰ বিন্যাস প্ৰায় একেই হোৱা পলিক্ষিত হৈছে ৷ ইয়াৰে কেইবিধমান আকৌ অতি মাৰাত্মক ৷ যিসকলে আৰোগ্যতা লাভ কৰিছে তেওঁলোকে এক দীঘলীয়া সময়ৰ বাবে ইয়াৰ পৰিণতি ভোগ কৰিব লগীয়া হ’ব পাৰে ৷”

আপোনাৰ মস্তিস্কক সুস্থ কৰি ৰাখক :

আয়ুস বাঢ়ি অহাৰ লগে লগে আমাৰ মগজুত এক বিশেষ বয়সৰ পাচত কিছুমান নিৰ্দিষ্ট বিসংগতিয়ে দেখা দিব পাৰে ৷ মগজুক সুস্থ কৰি ৰাখিবৰ বাবে তলত কেইটানমান প্ৰতিকাৰ দিয়া হ’ল,

  • কেৱল মাত্ৰ শাৰীৰিক ব্যায়ামেই যথেষ্ট নহয় ৷ মানসিক কচৰতৰো প্ৰয়োজন আছে ৷ মগজুৰ ব্যৱহাৰ হোৱা ব্যায়াম যেনে সাঁথৰ, শব্দ শৃংখল, ছুড’কু ইত্যাদি সামাধান কৰিবলৈ চেষ্টা কৰক ৷
  • সিৰাত পোৱা আঘাতে গম্ভীৰ ভাৱে মগজুৰ অনিষ্ট সাধন কৰিব পাৰে ৷ সেয়ে সিৰাক সুৰক্ষিত কৰি ৰখাটো অতিশয় জৰুৰী৷ হেলমেট পিন্ধিহে মটৰ চাইকেল চলাব ৷
  • মগজুক বিশ্ৰাম দিবলৈ ধ্যান কৰক আৰু যথোপযুক্ত সময়ৰ বাবে টোপনি যোৱাৰ অভ্যাস কৰক ৷
  • ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক আৰু বুদ্ধিমত্তা হ্ৰাস হোৱাৰ কাৰণো হ’ব পাৰে ৷
  • সুস্থ খাদ্যাভাস গঢ়ি তোলক ৷ সকলো ধৰণৰ পোষক তত্বৰে ভৰপূৰ আহাৰ গ্ৰহণ কৰক আৰু মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক ৷

এটা সুস্থ শৰীৰতহে এটা সুস্থ মনে বাস থাকে” সেয়েহে মানসিক সুস্থতা আৰু শাৰীৰিক সুস্থতা দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ ৷ মগজুৰ ক্ৰিয়া কলাপসমূহৰ প্ৰতি থকা সচেতনতা আৰু কেনেকৈ আপোনাৰ জীৱন শৈলীয়ে মস্তিস্কৰ অনেক বিকাৰৰ জন্ম দিব পাৰে, সেইটো জনাটো অতি প্ৰয়োজনীয় বিষয় ৷

লগতে পঢ়ক :আজৱ: এজোপা গছেৰেই সৃষ্টি এখন অৰণ্য সদৃশ উদ্যানৰ

ABOUT THE AUTHOR

...view details