অসম

assam

ETV Bharat / bharat

COVID-19 ৰ ফলত 60 মিলিয়ন লোক দৰিদ্ৰতাৰ কৱলত পৰিবঃ বিশ্ব বেংক - আন্তঃৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ

কৰ'ণা ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বতে 60 মিলিয়ন লোকক দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিব বুলি বিশ্ব বেংকে প্ৰকাশ কৰে । লগতে বিশ্ব বেংকে 100 খন উন্নয়ণশীল ৰাষ্ট্ৰক এই মহামাৰীৰ সংকটৰ পৰা উদ্ধাৰৰ বাবে 160 বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ জৰুৰী অভিযানৰ ঘোষণা কৰে ।

 বিশ্ব বেংক
বিশ্ব বেংক

By

Published : May 20, 2020, 4:38 PM IST

নিউজ ডেস্ক, 20 মে': বিশ্ব বেংকে প্ৰকাশ কৰে এক উদ্বেগজনক তথ্য । সংস্থাটোৰ মতে কৰ'ণা ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বতে 60 মিলিয়ন লোকক দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিব । আনহাতে 100 খন উন্নয়নশীল দেশক কৰ'ণা ভাইৰাছ মহামাৰীৰ পৰা উদ্ধাৰৰ বাবে 160 আমেৰিকান ডলাৰ মূল্যৰ জৰুৰী অভিযানৰ কথা ঘোষণা কৰে । মঙলবাৰে এই কথা প্ৰকাশ কৰে বিশ্ব বেংকৰ অধ্যক্ষ ডেভিদ মালপাছে ।

100 খন উন্নয়নশীল দেশত 70 শতাংশ বিশ্বৰ জনসংখ্যা বাস কৰিছে । তাৰে 39 খন দেশ উপ চাহাৰাৰ অফ্ৰিকান দেশ । এক-তৃতীয়াংশক সংকতে আৱৰি আছে অথবা বিবাদগ্ৰস্ত হৈ আছে, সেই দেশসমূহ হৈছে আফগানিস্তান, ছাদ, হাইটি আৰু নিগেৰ ।

মালপাচে কয় যে, তেওঁলোকৰ এই অভিযানে দেশ সমূহত স্বাস্থ্য, অৰ্থনীতি আৰু সামাজিক সমস্য়াত ভোগা প্ৰতিজনৰ ক্ষেত্ৰতে কাৰ্যকৰী হ'ব ।

তেওঁলোকৰ অভিযানে স্বাস্থ্য সেৱা আৰু জীৱন ৰক্ষা ব্যৱস্থাটোক উন্নীত কৰিব । তেওঁলোকে চিকিৎসা সজুলি প্ৰেৰণ কৰিব দেশ সমূহলৈ । তেওঁলোকৰ এই প্ৰচেষ্টা ব্যাপক হ'ব পৰাকৈ সক্ষম বুলি অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে ।

বিশ্ব বেংকৰ অংশ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে (IDA) দৰিদ্ৰ ৰাষ্ট্ৰক সহায়ৰ ক্ষেত্ৰত বিশ্ব বেংকক সহোযোগীতা আগবঢ়াব ।

দেশ সমূহে অৰ্থনৈতি অৱস্থাটো স্বচ্ছ কৰি ৰখাৰ বাবে মালপাচে আহ্বান জনাই যাতে বিনিয়োগ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সম্মূখীন নহয় ।

বৰ্তমানলৈ বিশ্বত 3,10,000 লোকৰ কৰ'ণা ভাইৰাছ মহামাৰীত মৃত্যু হৈছে আৰু 4.8 মিলিয়ন লোক আক্ৰান্ত হৈছে । আমেৰিকা এই মহামাৰীত বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে আৰু সৰ্বাধিক 91,900 লোকৰ মৃত্যু হোৱাৰ লগতে 1.5 মিলিয়ন লোক আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

...view details