অসম

assam

ETV Bharat / bharat

কৰ্পৰেট কৰ হ্ৰাসে আন্ত:গাঁথনি উন্নত কৰিছে কোম্পানীসমূহৰ:নৰেন্দ্ৰ মোডী

ভাৰতত বাণিজ্যৰ উদ্দেশ্যে কোম্পানীসমূহৰ কাম সহজ কৰিবলৈ ভাৰত চৰকাৰে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে৷ শুক্ৰবাৰে এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ লগতে কৰ্পৰেট কৰ হ্ৰাস হোৱাৰ বাবেই ব্যৱসায় স্তৰটোৱে সৰ্বকালৰ নিম্নগামী হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে৷

By

Published : Dec 20, 2019, 6:27 PM IST

কৰ্পৰেট কৰ হ্ৰাসে আন্ত:গাঁঠনী উন্নত কৰিছে কোম্পানীসমূহৰ:নৰেন্দ্ৰ মোডী
কৰ্পৰেট কৰ হ্ৰাসে আন্ত:গাঁঠনী উন্নত কৰিছে কোম্পানীসমূহৰ:নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 20 ডিচেম্বৰ: ভাৰতত বাণিজ্যৰ উদ্দেশ্যে কোম্পানীসমূহৰ কাম সহজ কৰিবলৈ ভাৰত চৰকাৰে বহু গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শুকুৰবাৰে এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে কৰ্পৰেট কৰ হ্ৰাস হোৱাৰ বাবেই ব্যৱসায় স্তৰটোৱে সৰ্বকালৰ নিম্নগামী হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে একে সময়তে শ্ৰম শক্তিৰো যত্ন লোৱাটো অতি প্ৰয়োজন বুলি ব্যক্ত কৰে নৰেন্দ্ৰ মোডীয়ে ৷

কৰ্পৰেট কৰ হ্ৰাসে আন্ত:গাঁঠনী উন্নত কৰিছে কোম্পানীসমূহৰ:নৰেন্দ্ৰ মোডী
কোম্পানীসমূহক পঞ্জীয়নৰ বাবে যি অধিক সময়ৰ প্ৰয়োজন হৈছিল সেই সময়সীমা বৰ্তমান হ্ৰাস কৰা হৈছে ৷ যিটোৱে কম সময়ৰ ভিতৰতে বন্দৰ আৰু বিমানবন্দৰসমূহৰ উৎকৃষ্ট আন্তঃগাঠনি নিৰ্মাণত সহায় কৰিছে ৷ বাণিজ্য আৰু উদ্যোগৰ পৰামৰ্শ সাপেক্ষে সামগ্ৰী আৰু সেৱা কৰত কিছু সালসলনি কৰা হৈছে ৷ লগতে অতি শীঘ্ৰে ভাৰতবৰ্ষ সেই শক্তিশালী 10 খন ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হ'ব যিকেইখন ৰাষ্ট্ৰই বিগত 3 বছৰত ব্যৱসায় ক্ষেত্ৰত সৰ্বাধিক উন্নতি কৰিবলৈ সক্ষম হৈছে বুলিও ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ বাবে অতি গৌৰৱৰ বিষয় যে 142তম স্থানৰ পৰা ভাৰতে 63তম স্থানত নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details