নিউজ ডেস্ক, ১৭ জুনঃ পূৰ্ব লাদাখৰ গালৱান উপত্যকাত মঙলবাৰে শ্বহীদ হোৱা ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে । মঙলবাৰে পূৰ্ব লাদাখৰ গালৱানত ভাৰতীয় আৰু চীনৰ সেনা মাজত হোৱা সংঘৰ্ষত শ্বহীদ হয় ভাৰতীয় সেনাৰ ২০ গৰাকীকৈ জোৱান ।
লাদাখত শ্বহীদ হোৱা সেনালৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ - ৰাহুল গান্ধী
কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে লাদাখৰ গালৱান উপত্যকাত মঙলবাৰে ভাৰত-চীন সেনাৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ২০ গৰাকী ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লাদাখৰ গালৱান উপত্যকাত শ্বহীদ সেনালৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ
মঙলবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে, যিসকল সেনাই সদাই দেশৰ বাবে নিজৰ জীৱন দান দিবলৈ সাজু থাকে, তেওঁলোকৰ মৃত্যুৰ দুখ কোনো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি ৷ শ্বহীদ হোৱা প্ৰতিগৰাকী জোৱানলৈ মই সমবেদনা তথা শ্ৰদ্ধাঞ্জলি জনাইছো । আমি এই কঠিন সময়ত আপোনালৰ লগত আছো ।
আনহাতে, বৰ্তমানৰ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়েও লাদাখত শ্বহীদ হোৱা সেনা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবোদনা জ্ঞাপন কৰে ।