অসম

assam

ETV Bharat / bharat

বেটি বচাও ! ধৰ্ষণৰ ৰাজধানী দিল্লী - RAPE

পোহৰলৈ আহিছে নাৰীজনিত ঘটনাৰ ভয়ংকৰ তথ্য ৷ ৰাজধানী দিল্লীত নিতৌ ধৰ্ষণৰ বলি হৈছে গড়ে 6 গৰাকীকৈ মহিলা ৷ চলিত বৰ্ষৰ 15 জুলাইলৈকে দিল্লীত ৰুজু হৈছে মুঠ 1176 টা ধৰ্ষণৰ গোচৰ ৷

বেটি বচাও ! ধৰ্ষণৰ ৰাজধানী দিল্লী

By

Published : Aug 4, 2019, 3:16 PM IST

দিল্লী ডেস্ক, 4 আগষ্টঃ। দেশৰ ৰাজধানীত মুঠেও সুৰক্ষিত নহয় মহিলা ৷ নিতৌ গড়ে 6 গৰাকীকৈ মহিলা বলি হৈছে ধৰ্ষণৰ ৷ ইয়াৰোপৰি নিৰ্যাতনৰ বলি হৈছে নিতৌ গড়ে 8 গৰাকীকৈ মহিলা-যুৱতী ৷ ধৰ্ষণৰ ৰাজধানীত পৰিণত হোৱা দিল্লী মহানগৰীত নাৰীৰ নিৰাপত্তাহীনতাৰ অৱস্থা এতিয়াও শোচনীয় হৈ আছে ।ৰাজধানী চহৰখনত নাৰীৰ শ্লীলতা হানিৰ ঘটনা ৰোধ কৰিবলৈ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ হাতত লৈছে ।যদিও বাস্তৱত তাৰ কোনো ফলধৰা নাই । নিতৌ মহানগৰখনত সংঘটিত হৈ আছে ধৰ্ষণকে আদি কৰি নাৰীৰ শ্লীলতা হানিৰ ঘটনা ৷

বেটি বচাও ! ধৰ্ষণৰ ৰাজধানী দিল্লী

চলিত বৰ্ষৰ 15 জুলাই লৈকে ৰাজধানী দিল্লীত 1176 টা ধৰ্ষণ, অশালীন ব্যৱহাৰৰ 1589 টা, অভদ্ৰ মন্তব্য কৰাৰ 242 টা গোচৰ বিভিন্ন থানাত ৰুজু কৰা হৈছে ৷ উল্লেখ্য যে,দিল্লীৰ বিভিন্ন প্ৰান্তত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ বিভিন্ন ঘটনা ৷

ABOUT THE AUTHOR

...view details