নেশ্যনেল ডেস্ক, 21 মাৰ্চ : মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী 40 বছৰীয়া মহিলাৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকাৰ পাচতো আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ শনিবাৰে পুনেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে ৷
ভাৰতী হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ ডিঙিত সংক্ৰমণ হোৱাৰ পাচতে এই ঘটনা ধৰা পৰে ৷
কোনো বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাগৰাকীয়ে এখন বিবাহত অংশগ্ৰহণৰ বাবে 3 মাৰ্চত নবী মুম্বাইৰ বাশী ভ্ৰমণ কৰিছিল ৷
কালেক্টৰ নৱাল কিশোৰ ৰামে জানিবলৈ দিয়া অনুসৰি, "আমি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো ৷ তেওঁ Covid-19 ত আক্ৰান্ত হ'লেও বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নাই ৷ তেওঁ নিশ্চয় বিদেশ ভ্ৰমণ কৰা কোনো লোকৰ সংস্পৰ্শলৈ আহিছিল ৷"
কেবৰ জৰিয়তে মহিলাগৰাকীয়ে মুম্বাই ভ্ৰমণৰ ইতিবৃত্ত তদন্ত কৰি থকাৰ কথা জানিবলৈ দি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয়, "এনে ঘটনা সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিছুমান পৃথক নিৰ্দেশনা আছে ৷"
এই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দায়িত্ব অৰ্পন কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷
আৰু পঢ়ক : বিশ্বব্যাপি 12 দিনত 1 লাখৰো অধিক লোক নতুনকৈ আক্ৰান্ত কৰ'না ভাইৰাছত