নেশ্যনেল ডেস্ক, ১০অক্টোবৰ: জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ আক্ৰমণ। ধাৰবাহিকভাৱে দ্বিতীয় দিনাৰ বাবে যুদ্ধ বিৰতি উলংঘন কৰি পুঞ্চ জিলাৰ মানকোট ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত গুলীচালনা কৰে পাক সেনাই। শনিবাৰে পুৱতি নিশা প্ৰায় ১.৩০ বজাত মানকোট ছেক্টৰৰ জনবসতিপূৰ্ণ অঞ্চলত কৰা এই আক্ৰমণত আহত হয় এগৰাকী ৪০বছৰীয়া মহিলা। পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে। স্থানীয় লোকলৈ লক্ষ্য কৰি সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে আক্ৰমণ কৰে পাক সেনাই। এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল দেৱেন্দ্ৰ আনন্দে।
জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ - জম্মু-কাশ্মীৰত
জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ। শনিবাৰে পুৱতি নিশা পুঞ্চ জিলাৰ মানকোট ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত গুলীচালনা কৰে পাক সেনাই। এই আক্ৰমণত এগৰাকী মহিলা আহত। পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো কৰিলে গুলীচালনা।
জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ
শুক্ৰবাৰেও পুঞ্চ জিলাৰ ছাহপুৰ, কিৰ্ণী আৰু কাচবা এই তিনি ছেক্টৰত আক্ৰমণ কৰিছিল পাক সেনাই। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই ১৯৯৯চনত ভাৰত আৰু পাকিস্তানে স্বাক্ষৰিত কৰা দ্বিপাক্ষিক যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি আহিছে পাকিস্তানে। বৰ্তমানলৈকে পাকিস্তানে যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ৩,১৯০ বাৰ আক্ৰমণ কৰিছে আৰু এই বৰ্ষত পাক সেনাৰ আক্ৰমণত১০০জন ভাৰতীয় নিহত আৰু ১০০জনৰো অধিক আহতহৈছে।
লগতে পঢ়ক:কুলগাম সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী