অসম

assam

ETV Bharat / bharat

ছ'চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰৰ বাবে গ্ৰেপ্তাৰ মহিলা

এগৰাকী 29 বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মহিলাগৰাকীয়ে ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰ কৰ'ণা ভাইৰাছৰ সংস্পৰ্শলৈ অহা বুলি ভুৱা বাতৰি এটি প্ৰচাৰ কৰিছিল ৷

By

Published : Mar 28, 2020, 1:07 PM IST

ছ'চিয়েল মিডিয়াত ভুৱা বাতৰি প্ৰচাৰৰ বাবে গ্ৰেপ্তাৰ মহিলা

নিউজ ডেস্ক, 28 মাৰ্চঃ শুকুৰবাৰে সন্ধিয়া ক'লকাতাত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভুৱা বাতৰি বিয়পাই গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল এগৰাকী 29 বছৰীয়া মহিলা ৷ আৰক্ষীয়ে অৱগত কৰা অনুসৰি মহিলাগৰাকীয়ে ৰাজ্যিক চিকিৎসালয়ৰ ডাক্তৰ কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ অহা বুলি এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছিল ৷

ৰাজ্যিক চিকিৎসা বিভাগে কলকাতা আৰক্ষীৰ ফৰেনছিক বিভাগত দিয়া এফ আই আৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷

গ্ৰেপ্তাৰ হোৱা ছন্দ্ৰিমা ভৌমিক নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে তথ্য আৰু প্ৰযুক্তি আইন, 2000ৰ 66 শাখাৰ অধীনত আৰু, ভাৰতীয় দণ্ড বিধি 505 (1)(b)/2 ৰ আধীনত গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ পূৰ্বে, পশ্চিমবংগৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ কোনো ডাক্তৰ অথবা চিকিৎসাকৰ্মী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি স্পষ্টীকৰণ দিছে ।

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অনুসন্ধান শাখাক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ।

ABOUT THE AUTHOR

...view details