নেশ্যনেল ডেস্ক, 20 জুলাই: উত্তৰ দিল্লীৰ নিহাল বিহাৰৰ এটা ঘৰত দেওবাৰে, এগৰাকী 28 বৰ্ষীয় মহিলাৰ সৈতে তেওঁৰ দুটিকৈ সন্তানক ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে উল্লেখ কৰে এই কথা ৷
মহিলাগৰাকীৰ নাম প্ৰীতি বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
আৰক্ষীয়ে এই মৃত্যুৰ আঁৰত প্ৰীতিৰ স্বামী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ প্ৰীতিৰ স্বামী এগৰাকী ঠিকাদাৰ হোৱাৰ লগতে, ঘটনা সংঘটিত হোৱাৰ দিনৰে পৰাই সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে ঘৰৰ প্ৰবেশদ্বাৰ ভাঙি ভিতৰলৈ সোমাই গৈ এখন বিচনাত দুটি সন্তানসহ মহিলা গৰাকী পৰি থকা দেখা পায় ৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি, তেওঁলোকৰ দেহত কোনো লোকে হাতুৰীৰে প্ৰহাৰ কৰাৰ দৰে কিছুমান চিন দেখিবলৈ পোৱা গৈছে ৷