অসম

assam

ETV Bharat / bharat

লুধিয়ানাত গণ ধৰ্ষণৰ বলি মহিলা - rape cases under Congress

এইবাৰ পঞ্জাৱৰ লুধিয়ানাত সংঘটিত হৈছে আন এক গণ ধৰ্ষণৰ ঘটনা ৷ ভুক্তভোগীৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হোৱাৰ কথা জানিবলৈ দিয়ে আৰক্ষী সূত্ৰই ৷

লুধিয়ানাত গণ ধৰ্ষণৰ বলি মহিলা
লুধিয়ানাত গণ ধৰ্ষণৰ বলি মহিলা

By

Published : Dec 20, 2020, 1:26 PM IST

লুধিয়ানা,২০ ডিচেম্বৰ: দেশত পুনৰ সংঘটিত হৈছে আন এক গণ ধৰ্ষণৰ ঘটনা ৷ এইবাৰ ঘটনাৰ স্থান পঞ্জাৱৰ লুধিয়ানা ৷ বিগত ১৮ ডিচেম্বৰত এগৰাকী মহিলা গণ ধৰ্ষণৰ বলি হয় ৷

ইতিমধ্যে ভুক্তভোগীক লুধিয়ানাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ভুক্তভোগীৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হোৱাৰ কথা জানিবলৈ দিয়ে দাখাৰ উপ আৰক্ষী অধীক্ষক গুৰৱঞ্চ সিং বেইঞ্চে ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী পেচাত এগৰাকী মেহেন্দী শিল্পী ৷ মহিলাগৰাকীক ফোনযোগে কোনোৱে এখন বিয়াৰ বাবে মেহেন্দী আঁকিবলৈ মাতি নিয়ে ৷ মহিলাগৰাকীয়ে এই কামৰ বাবে গৈ থকা অৱস্থাত ধৰ্ষণৰ বলি হয় ৷ দাখাৰ মণ্ডিয়নী গাঁৱৰ এটা পৰিত্যক্ত ঘৰত মহিলাগৰাকীক ধৰ্ষণ কৰে পাঁচটাকৈ দুৰ্বৃত্তই ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃগুগল পে’,ফোন পে’ নহয়...এতিয়া ডাইৰেক্ট পকেট পে’

ABOUT THE AUTHOR

...view details