অসম

assam

ETV Bharat / bharat

তিৰুৱন্তমপুৰত পুত্ৰৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ মাতৃক - দলবদ্ধ ধৰ্ষণ

তিৰুৱন্তমপুৰত পুত্ৰৰ সন্মুখতে মহিলাক দলবদ্ধ ধৰ্ষণ । স্বামীয়ে ফুৰাবলৈ নিয়াৰ চলৰে সুৰা পান কৰাই বন্ধুৰ সহযোগত ধৰ্ষণ কৰাৰ অভিযোগ। বৰ্তমান আটাই কেইগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

woman-fed-liquor-gangraped-five-including-husband-nabbed
woman-fed-liquor-gangraped-five-including-husband-nabbed

By

Published : Jun 5, 2020, 5:10 PM IST

নিউজ ডেস্ক, ৫ জুন : লক ডাউনৰ মাজতে শুকুৰবাৰে তিৰুৱন্তমপুৰত এক জঘন্য ঘটনা সংঘটিত হৈছে । এগৰাকী ২৫ বছৰীয়া মহিলাক নিজ পুত্ৰৰ সন্মুখতে স্বামীসহ চাৰি গৰাকী লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

তিৰুৱন্তমপুৰত পুত্ৰৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ মহিলাক

ঘটনাৰ বিৱৰণী অনুসৰি,বৃহস্পতিবাৰে মহিলা গৰাকীক তেওঁৰ দুই সন্তানৰ সৈতে স্বামীয়ে ফুৰাবলৈ নিয়াৰ চলৰে তেওঁৰ বন্ধুৰ ঘৰলৈ নি পত্নী গৰাকীক স্বামীয়ে মদ খাবলৈ বাধ্য কৰাই । পৰৱৰ্তী সময়ত নিজ পুত্ৰৰ সন্মুখতে নিজ স্বামীয়ে চাৰি গৰাকী বন্ধুৰ সহযোগত ধৰ্ষণ কৰে।

এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি,ধৰ্ষিতা মহিলা গৰাকীক এগৰাকী যুৱকে ৰাজপথত অসহায় অৱস্থাত উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত যুৱকজনে মহিলা গৰাকীৰ অসহায় অৱস্থাৰ কথা আৰক্ষীক অৱগত কৰে ।

আনহাতে,উদ্ধাৰ কৰা যুৱকজনে সংবাদ মাধ্যমক জনোৱা অনুসৰি,মহিলা গৰাকীয়ে ৰাজপথত কান্দি আছিল আৰু সৰ্বশৰীৰত আঘাতৰ চিন স্পষ্ট আছিল । পৰৱৰ্তী সময়ত আৰক্ষীয়ে মহিলা গৰাকীক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানে আটাইকেইগৰাকী লোককে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস: কৰ্ণাটকৰ গদক ডাকঘৰ সেউজীয়া পাৰ্কলৈ ৰূপান্তৰ

ABOUT THE AUTHOR

...view details