ফতেহপুৰ, (উত্তৰ প্ৰদেশ) ৩ চেপ্তেম্বৰঃধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত এটা মাটিৰ ঘৰ ভাঙি যোৱাৰ ফলত এগৰাকী ২৭ বছৰীয়া মহিলাৰ লগতে মহিলাগৰাকীৰ কন্যাৰ মৃত্যু হয় । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ ফতেহপুৰ আৰক্ষীয়ে । এই ঘটনা সংঘটিত হয় ফতেহপুৰ জিলাৰ বিন্দকি গাঁৱত ।
উত্তৰ প্ৰদেশৰ ফতেহপুৰত মাটিৰ ঘৰ ভাঙি মাতৃ কন্যাৰ মৃত্যু - woman-daughter-killed-as-house-collapses-due-to-rain-in-uttar-pradesh
এই ঘটনাত দুটি শিশুও আহত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে । আহত শিশু দুটিক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান শিশু দুটিৰ স্বাস্থ্যৰ অৱস্থা সন্তোষজনক বুলি জানিব পৰা গৈছে ।
![উত্তৰ প্ৰদেশৰ ফতেহপুৰত মাটিৰ ঘৰ ভাঙি মাতৃ কন্যাৰ মৃত্যু উত্তৰ প্ৰদেশৰ ফতেহপুৰত মাটিৰ ঘৰ ভাঙি মাতৃ কন্যাৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-01:39:09:1599120549-up-fat-two-dead-two-injured-due-to-fall-house-pkg-7209052-03092020085742-0309f-1599103662-77.jpg)
উত্তৰ প্ৰদেশৰ ফতেহপুৰত মাটিৰ ঘৰ ভাঙি মাতৃ কন্যাৰ মৃত্যু
বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় দুখজনক ঘটনাটো । ধাৰাষাৰ বৰষুণৰ ফলতে মাটিৰ ঘৰটো খহি পৰাত ঘৰটোৰ ভিতৰত থকা মহিলাগৰাকীৰ লগতে তেখেতৰ কন্যাৰ থিতাতে মৃত্যু ঘটে। এই ঘটনাত দুটি শিশুও আহত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে । আহত শিশু দুটিক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান শিশু দুটিৰ স্বাস্থ্যৰ অৱস্থা সন্তোষজনক বুলি জানিব পৰা গৈছে ।
মাটিৰ জৰাজীৰ্ণ ঘৰটোৰ ধ্বংসস্তূপৰ পৰা মৃতদেহ উদ্ধাৰৰ লগতে আহত শিশু দুটিক উদ্ধাৰৰ ক্ষেত্ৰত স্থানীয় লোকেও সহায় কৰে আৰক্ষীক ।