অসম

assam

ETV Bharat / bharat

মহিলাৰ চেনীটেৰী পেডত নিচাযুক্ত সামগ্ৰী

মহিলাগৰাকীয়ে চেনিটেৰী পেডত লুকুৱাই বহিঃৰাষ্ট্ৰলৈ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ চেষ্টা কৰিছিল ৷ আৰক্ষীয়ে বেংগালুৰু বিমান বন্দৰৰ চৌহদৰ পৰা আটক কৰে এই চক্ৰৰ লগত জড়িত কেইবাজনো ৷

KIA premises

By

Published : Jun 18, 2019, 11:43 PM IST

নিউজ ডেস্ক,18 জুন : বেংগালুৰু বিমানবন্দৰৰ পৰা মহিলাৰ চেনীটেৰী পেডত ড্ৰাগছৰ সৰবৰাহৰ চেষ্টা ৷ বেংগালুৰুৰ পৰা ড'হালৈ যাবলৈ চেষ্টা কৰাৰ সময়তে নাৰ্কটিক কন্ট্ৰল ব্ৰুৰুৰ বিষয়াই তিনিগৰাকী সহযোগীসহ আটক কৰে মহিলাগৰাকীক ৷ লগতে এই চক্ৰৰ লগত জড়িত থকা অন্য দুই সৰবৰাহকাৰীকো আটক কৰে ৷
নাৰ্কটিক কন্ট্ৰল ব্ৰুৰুৰ বিষয়াই গোপন সূত্ৰৰ পম খেদি বেংগালুৰু বিমানবন্দৰৰ পাৰ্কিঙৰ পৰা মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ বেংগালুৰুৰ পৰা বহিঃৰাষ্ট্ৰলৈ ড্ৰাগছ সৰবৰাহত এক বৃহৎ চক্ৰ জড়িত হৈ আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
মহিলাগৰাকীৰ পৰা উদ্ধাৰ হয় যথেষ্ট পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ৷ আৰক্ষীয়ে বৰ্তমান অভিযুক্তকেইগৰাকীক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details