অসম

assam

ETV Bharat / bharat

যৌতুক দিব নোৱাৰি তিনি তালাকৰ বলি হ'ল নৱবিবাহিতা - মুছলিম মহিলা

স্বামীৰ বিৰুদ্ধে ফোনযোগে তিনি তালাক দিয়াৰ অভিযোগ উত্তৰ প্ৰদেশৰ এগৰাকী নৱবিবাহিত পত্নীৰ ৷ যৌতুক দিব নোৱাৰাৰ বাবেই স্বামীয়ে তালাক দিয়াৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে

যৌতুক দিব নোৱাৰাৰ বাবেই স্বামীয়ে তিনি তালাক দিয়াৰ অভিযোগ এগৰাকী মহিলাৰ

By

Published : Aug 13, 2019, 9:27 AM IST

নিউজ ডেস্ক, 13 আগষ্টঃ স্বামীৰ বিৰুদ্ধে ফোনযোগে তালাক দিয়াৰ অভিযোগ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীয়ে আৰক্ষীক দিয়া তথ্য অনুসৰি চৌদি আৰৱত বসবাস কৰা স্বামীয়ে মহিলাগৰাকীক অত্যাচাৰ কৰাৰ লগতে তেওঁৰ গৃহৰ পৰা এখন দুচকীয়া বাহন আৰু এক লাখ টকাৰ দাবী কৰিছিল স্বামীৰ পৰিয়ালে৷ কিন্তু যৌতুক দিবলৈ অমান্তি হোৱাৰ বাবেই ফোনযোগে তালাক দিয়াৰ অভিযোগ মহিলাগৰাকীৰ৷

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি স্বামীয়ে মহিলাগৰাকীক ফোনযোগে দুৰ্ব্যৱহাৰ কৰাৰ লগতে মুছলিম মহিলা (বৈবাহিক অধিকাৰ সুৰক্ষা) বিধেয়ক, 2019 অৰ্থাৎ তিনি তালাক বিধেয়কৰো অৱমাননা কৰিছে৷ এই বিধেয়কৰ নীতিৰ ভিত্তিতেই এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে৷
উল্লেখ্য যে, এই বিধেয়ক অনুসৰি তিনি তালাকৰ জৰিয়তে যিসকল পুৰুষে নিজ পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক ছেদ কৰে তেওঁলোকে তিনি বছৰৰ কাৰাদণ্ড ভূগিব লাগিব ৷

ABOUT THE AUTHOR

...view details