অসম

assam

By

Published : Apr 27, 2020, 4:08 PM IST

ETV Bharat / bharat

সমগ্ৰ বিশ্বত লকডাউনৰ মাজতে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম

সমগ্ৰ বিশ্বতে চাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে । কোভিড-১৯ ৰ ফলত লকডাউনৰ বাবে নিজ গৃহত আৱদ্ধ হৈ পৰা লোকসকলে ইন্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে । যদিও চৰকাৰসমূহে তেওঁলোকৰ চাইবাৰ প্ৰতিৰক্ষাৰ ওপৰত কাম কৰাৰ গুৰুত্ব আছে, ব্যক্তিসকলেও নিজাকৈ এইক্ষেত্ৰত সাৱধানতা লোৱাটো জৰুৰী ।

সমগ্ৰ বিশ্বত লকডাউনৰ মাজতে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম
সমগ্ৰ বিশ্বত লকডাউনৰ মাজতে বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ বিশ্বৰ সমগ্ৰ দেশতে লকডাউন আৰোপ কৰি কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা চলোৱা হৈছে । এনে অৱস্থাত বহুসংখ্য়ক লোকে লকডাউনৰ নিষেধাজ্ঞাৰ বাবে নিজ গৃহতে আৱদ্ধ হৈ পৰিছে । এনে অৱস্থাত বিশ্বব্যাপী চাইবাৰ অপৰাধী গেংসমূহ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ।

তিনিসপ্তাহ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে বহুকেইটা ভুৱা ৱেবচাইটৰ বিষয়ে উল্লেখ কৰিছিল । ভাৰতৰ ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষা বিষয়া লেফটেনেন্ট জেনেৰেল ৰাজেশ পন্টৰ মতে, বিগত দুমাহত প্ৰায় চাৰিহাজাৰ ভুৱা পৰ্টেলৰ উদ্ভৱ হৈছে যাৰ নাম কৰ'ণা ভাইৰাছ ৰখা হৈছে ।

চাইবাৰ অপৰাধীৰ পৰা লক্ষাধিক লোকে লাভ কৰা ই-মেইলৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ ভুৱা চিকিৎসা সন্দৰ্ভত আমেৰিকা আৰু সংযুক্ত গণৰাজ্যই তেওঁলোকৰ দেশৰ নাগৰিকসকলক সাৱধানীবানী প্ৰদান কৰি ইয়াৰ পৰা আঁতৰি থাকিবলৈ কৈছে ।

আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফবিআইয়ে প্ৰকাশ কৰা অনুসৰি, কোভিড-১৯ক লৈ চাইবাৰ অপৰাধৰ সংখ্য়া চাৰিগুনে বৃদ্ধি হৈছে । ইউৰোপিয়ান ইউনিয়নৰ সভাপতি উৰছুলা ভন ডেৰ লেয়েনে মন্তব্য কৰে যে, চাইবাৰ অপৰাধীয়ে ৰাইজৰ মাজত ভয় বিয়পাই দিবলৈ চেষ্টা কৰিছে । ইয়ে সমগ্ৰ বিষয়টোৰ ভয়াৱহতাৰ প্ৰমাণ কৰে ।

বিশ্বৰ ৩৫ খন দেশৰ প্ৰায় ৩০০ সুৰক্ষাকৰ্মীৰ দ্বাৰা গঠিত দলে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নিজাৱবীয়াকৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰাটো সমানে গুৰুত্বপূৰ্ণ । তিনিবছৰ পূৰ্বে চাইবাৰ অপৰাধীৰ দ্বাৰা সংঘটিত আক্ৰমণ 'Wanna Cry'ৰ ফলত ১৭৫ খন দেশত ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছিল ।

শেহতীয়াকৈ চাইবাৰ অপৰাধীৰ দ্বাৰা ৰাছিয়া, ইউক্ৰেইন, আমেৰিকা, জাৰ্মানী, জাপান আৰু দক্ষিণ কোৰিয়াৰ মিলিয়নসংখ্যক ডেবিট কাৰ্ডৰ তথ্য চুৰি হোৱা বুলি পোহৰলৈ আহিছে । লকডাউনৰ ফলত বহুসংখ্যক লোকে নিজৰ গৃহৰ পৰাই কাম কৰিবলগীয়া হৈছে, আৰু এনে অৱস্থাত কাৰ্যালয়ত থকাৰ দৰে নিজ গৃহত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত এইসকল লোক পিচপৰি ৰৈছে । সাধাৰণ এটা ক্লিকৰ দ্বাৰাই চাইবাৰ অপৰাধীৰ হাতলৈ আপোনাৰ সকলো তথ্য় গুচি যোৱাৰ সম্ভাৱনাই দেখা দিছে । এইক্ষেত্ৰত শেহতীয়াকৈ জুম ভিডিঅ' এপ আৰু বিটকইনৰ ক্ষেত্ৰত চাইবাৰ ক্ৰাইম সংঘটিত হোৱা দেখা গৈছে ।

কৰ'ণা ভাইৰাছৰ নামৰ মালৱেৰৰ দ্বাৰা চাইবাৰ অপৰাধীয়ে গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ কম্পিউটাৰ আৰু স্মাৰ্টফোনৰ পৰা লৈ যোৱাৰ লগতে বেংক একাউন্টৰ তথ্যও লাভ কৰাৰ সম্ভাৱনাই দেখা দিছে ।

শেহতীয়াকৈ 'The Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund' (PM-CARES Fund)ৰ দৰে দেখাত একেই এটা লিংক পোৱা গৈছিল যিটো চাইবাৰ অপৰাধৰ এক জ্বলন্ত প্ৰমাণ । শেহতীয়াকৈ গুজৰাটত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিটো বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিয়া হৈছিল আৰু ইয়াৰ বিৰুদ্ধে এক গোচৰ ইতিমধ্যে ৰুজু হৈছে ।

সাধাৰণ ৰাইজে বিনামূলীয়াকৈ চিনেমা চোৱা, মোবাইল ৰিচাৰ্জৰ লোভত আক্ৰান্ত হৈ বহুতকে এই লিংকবোৰ ফৰৱাৰ্ড কৰি দিছে । এইক্ষেত্ৰত চাইবাৰ প্ৰতিৰ৭া চক্ৰটো শক্তিশালীভাৱে গঢ়ি তুলিব লাগিব চৰকাৰে । ইয়াৰ সমান্তৰালভাৱে সাধাৰণ ৰাইজো এই বিষয়ে সতৰ্ক থকাটো অতিকে উল্লেখনীয় ।

ABOUT THE AUTHOR

...view details