ভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মাৰ্চ মাহত ৪১১ টা যুদ্ধ বিৰতি ভংগৰ ঘটনা সংঘটিত হৈছে । এই সংখ্যা ২০১৮ চনতকৈ দুগুণ । পাঁচ এপ্ৰিলত কেৰান ছেক্টৰত অনুপ্ৰৱেশ কৰিব খোজা পাঁচটা সন্ত্ৰাসবাদী ভাৰতীয়ত সেনাৰ গুলীত নিহত হয় আৰু এই অভিযানত পাঁচগৰাকীকৈ স্পেচিয়েল ফ’ৰ্চৰ জোৱানে মৃত্যুবৰণ কৰে । পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত বোমা বাৰুদেৰে আক্ৰমণ চলোৱাৰ দৃশ্য সম্বলিত এক ভিডিঅ’ পাঁচ দিন পাচত ভাৰতীয় সেনাই মুকলি কৰি দিয়ে । দুদিন পাচত একেটা ছেক্টৰতে পাকিস্তান সেনাই চলোৱা গুলীবৰ্ষণত তিনিগৰাকী সাধাৰণ ভাৰতীয় নাগৰিকৰ মৃত্যু হোৱাৰ লগতে সাতগৰাকী লোক আহত হয় । নিহতসকলৰ ভিতৰত এটি আঠ বছৰীয়া শিশুও আছিল ।
এনে সময়ত কিছুমান প্ৰশ্ন নিশ্চিতভাৱে মনলৈ আহিব । ভাৰত আৰু পাকিস্তান দুয়োখন দেশে ভয়াৱহ সংকটৰ মোকাবলিা কৰি থকাৰ সময়ত সীমান্তত শান্তি বিৰাজ কৰি থাকিব নোৱাৰে নেকি? ইখন দেশে সিখন দেশৰ লগত যুঁজি থকাৰ সলনি আমাৰ শক্তি উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে যুঁজাৰ বাবে খৰচ কৰিব নোৱাৰোনে? দুয়োটা প্ৰশ্নৰ উত্তৰ ‘পাৰোঁ’ । কিন্তু দুৰ্ভাগ্যজনক সত্যটো এয়ে যে নৈতিক বিষয়বোৰে সদায় দেশৰ সিদ্ধান্তবোৰ নিৰ্ধাৰণ নকৰে ।
নিয়ন্ত্ৰণ ৰেখাত হোৱা গুলীয়াগুলীৰ বিষয়ে দুয়োখন দেশৰ সেনা বাহিনীৰ মুখপাত্ৰসকলে অতি সাধাৰণভাৱে ব্যাখ্যা কৰে । সাধাৰণতে দিয়া বিবৃতিটো এনেধৰণৰ—বিপৰীত পক্ষৰ পৰা চলা অপ্ৰৰোচিত গুলীচালনাক আমাৰ ফালৰ পৰা শক্তিশালীভাৱে প্ৰত্যুত্তৰ দিয়া হয় । সত্যটো ইয়াতকৈ কিছু পৃথক । যুদ্ধবিৰতি ভংগ জোকৰ মুখত চূণ দিয়া জাতীয় কথা নহয় । কিন্তু ইয়াৰ লগতে নিয়ন্ত্ৰণ ৰেখাৰ ব্যাপক নিৰাপত্তাৰ দিশটো জড়িত আছে ।
দুয়ো পক্ষই সাধাৰণতে ২০০৩ চনৰ যুদ্ধ বিৰতি চুক্তিৰ প্ৰতি ২০১২ চনলৈকে সন্মান প্ৰদৰ্শন কৰিছিল । নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ পেট্ৰ'লিং দল এটাৰ ওপৰত হোৱা আক্ৰমণেৰে ২০১৩ চনটো আৰম্ভ হয় । এই আক্ৰমণত ভাৰতীয় সেনা বাহিনীৰ লেন্স নায়ক হেমৰাজৰ শৰীৰৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলাই হত্যা কৰা হয় । নিয়ন্ত্ৰণ ৰেখাত আই ই ডি আৰু মাইন স্থাপনৰ ঘটনা বৃদ্ধি পায় । আগষ্টত এটা এম্বুশ্ব দলৰ পাঁচগৰাকী ভাৰতীয় জোৱানক পুঞ্চ ছেক্টৰত পাকিস্তানী ব’ৰ্ডাৰ এক্সন টীমে আক্ৰমণ চলাই হত্যা কৰে । সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পায় । সীমান্তত গুলীয়াগুলীৰ ঘটনাই এনে এক পৰ্যায় পায় যে দুয়োখন দেশৰ সেনা অভিযানৰ সঞ্চালক প্ৰধান দুগৰাকীয়ে ১৪ বছৰ পাছত মুখামুখি বৈঠকত ভাগ লোৱাৰ বাবে মান্তি হয় । যদিও পৰিস্থিতি শাম কটাবলৈ চুক্তি কৰা হয়, প্ৰকৃতাৰ্থত ইয়াৰ প্ৰভাৱ পৰিছিল নগণ্য । ২০১৪ চনত যুদ্ধ বিৰতি ভংগৰ ঘটনা বৃদ্ধিহে পাবলৈ লয় ।
মই ২০১৩ চনৰ উদাহৰণ দি আছোঁ এই বাবে যে ২০০৩ চনৰ চুক্তি ৰূপায়ণ কৰিবলৈ দুয়ো পক্ষৰ ফালৰ পৰা দিয়া মৌখিক সন্মতিয়ে সীমান্তত উত্তেজনাৰ শাম কটাবলৈ সক্ষম হ’ব বুলি ভবাটো পৰিপক্কতাৰ চিন নহ’ব । যদি প্ৰকৃতাৰ্থত সফলতা লাভ কৰিবলৈ হয় তেনেহ’লে পাকিস্তানে তেওঁলোকৰ পক্ষৰ পৰা অনুপ্ৰৱেশ বন্ধ কৰিব লাগিব । যদি অনুপ্ৰৱেশ অব্যাহত থাকে আৰু ভাৰতীয় সেনা জোৱানসকল নিয়ন্ত্ৰণ ৰেখাত শ্বহীদ হৈ থাকিবলগীয়া হয় তেনেহ’লে কোনো ধৰণৰ শান্তি স্থাপন হোৱাৰ আশা কৰিব নোৱাৰি ।
ইয়াৰ বাবে পাকিস্তানৰ কাশ্মীৰক লৈ থকা দৃষ্টিভংগীৰ ব্যাপক পৰিৱৰ্তন প্ৰয়োজন হ’ব । ইয়াৰ লগতে এই অঞ্চলত ভাৰতৰ তথাকথিত একাধিপত্য বুলি গ্ৰহণ কৰি অহা ধাৰণাও সলনি কৰিব লাগিব । এনে এক সময়তে বাস্তৱবাদে আশাক চেৰ পেলায় । বহু সময়ত বহু আশা কৰা হয় যদিও ইয়াৰ ফলত কোনো সফলতা লাভ কৰা দেখা নাযায় । আশা ৰণকৌশল হ’ব নোৱাৰে । পাকিস্তানী সেনা বাহিনীয়ে এই কথাষাৰ মানি লোৱাৰ বাবে এয়াই প্ৰকৃত সময় ।