অসম

assam

ৰেলষ্টেচনত উপস্থিত ঠিকেই ! কিন্তু ঘৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা

কেন্দ্ৰই ৰেলৰ চলাচল আৰম্ভ কৰিলে ঠিকেই কিন্তু, ৰেলষ্টেচনৰ পৰা নিজৰ নিজৰ ঘৰলৈ যাবলৈ হাহাকাৰ কৰিছে যাত্ৰীসকলে । কিয়নো ৰাজহুৱা তথা ব্যক্তিগত পৰিৱহণ ব্যৱস্থাৰ অনুপস্থিতিত এইসকল লোকে কিদৰে নিজ নিজ বাসগৃহত উপস্থিত হ'ব তাক লৈ এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে ।

By

Published : May 13, 2020, 5:15 PM IST

Published : May 13, 2020, 5:15 PM IST

ETV Bharat / bharat

ৰেলষ্টেচনত উপস্থিত ঠিকেই ! কিন্তু ঘৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা

ৰেলষ্টেচনৰ পৰা ঘৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা
ৰেলষ্টেচনৰ পৰা ঘৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা

নিউজ ডেস্ক, ১৩ মে' : কেন্দ্ৰই যোগান ধৰা বিশেষ ৰেলৰ দ্বাৰা নিজ নিজ লক্ষ্যস্থানত উপনীত হোৱা যাত্ৰীসকলৰ বাবে এতিয়া আন এক সমস্যাই দেখা দিছে । সেয়া হৈছে নিজ গৃহলৈ যাবলৈ পৰিৱহণ ব্যৱস্থাৰ অভাৱ । ইতিমধ্যে ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা বিশেষ ৰেলৰ চাৰিখনকৈ ৰেলগাড়ী বুধবাৰে ৰাতিপুৱা নতুন দিল্লীত উপস্থিত হয় যদিও, যাত্ৰীসকলৰ মাজত নিজ নিজ গৃহলৈ যাবলৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । কিয়নো দিল্লী ষ্টেচনৰ বাহিৰত তেওঁলোকৰ বাবে নাছিল কোনো আপোনজন অথবা ৰাজহুৱা তথা ব্যক্তিগত পৰিৱহণ ব্যৱস্থা ।

বুধবাৰে নতুন দিল্লীত উপস্থিত হয় আহমেদাবাদ, পাটনা, মুম্বাই আৰু হাওৰা বিশেষ ৰাজধানী ৰেলগাড়ীকেইখন । প্ৰায় এঘন্টাৰ মুৰে মুৰে বুধবাৰে ৰাতিপুৱাৰ ভাগত আটাইকেইখন ৰেলগাড়ীয়ে নিজ নিজ লক্ষ্যস্থানৰ পৰা আহি দিল্লীত উপস্থিত হয় ।

কিন্তু চৰকাৰৰ অবিবেচক নীতিৰ ফলত এতিয়া কুফল ভূগিবলগীয়া হৈছে এইসকল যাত্ৰীয়ে । লকডাউনৰ মাজত ৰেলৰ চলাচল আৰম্ভ কৰি দিয়াৰ লগতে বিমানৰ চলাচলো হয়তো কমদিনৰ ভিতৰতে আৰম্ভ হ'ব । কিন্তু চৰকাৰে এতিয়ালৈকে ৰেলষ্টেচন নাইবা বিমানবন্দৰৰ পৰা যাত্ৰীসকলে কিদৰে নিজ নিজ গৃহলৈ উভটি যাব অথবা ৰেলষ্টেচন নাইবা বিমানবন্দৰলৈ কিদৰে যাব তাৰ বিষয়ত কোনো ঘোষণা কৰা নাই ।

একেই পৰিস্থিতি আজি দিনৰ ভাগত পৰিলক্ষিত হয় নতুন দিল্লী ৰেলষ্টেচনত । চৰকাৰে আৰম্ভ কৰা বিশেষ ৰেলৰ চাৰিখনকৈ ৰেলগাড়ী ৰাতিপুৱাৰ ভাগতেই দিল্লীত উপস্থিত হয় । কিন্তু এতিয়ালৈকে বহুসংখ্যক যাত্ৰী ষ্টেচনতে আৱদ্ধ হৈ আছে আৰু তেওঁলোকৰ পৰিৱহণৰ বাবে দিল্লী চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ইতিমধ্যে বহুসংখ্যক যাত্ৰীয়ে বিষয়টো চছিয়েল মিডিয়াযোগে চৰকাৰক দৃষ্টিগোচৰ কৰা পৰিলক্ষিত হৈছে যদিও সেয়া যথেষ্ট নহয় ।

ABOUT THE AUTHOR

...view details