নিউজ ডেস্ক, ২১ জুনঃ বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ৮৮ গৰাকী আৰক্ষীৰ লোক। আনহাতে, এই মহামাৰীৰ ফলত বিগত দিনটোত এজন আৰক্ষীৰ লোকে প্ৰাণ হেৰুৱাইছে । মহাৰাষ্ট্ৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য।
মহাৰাষ্ট্ৰত মুঠ ৪,০৪৮ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ - নতুনকৈ ৮৮ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ
মহাৰাষ্ট্ৰত মুঠ ৪,১২,৯৫৫ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰা গৈছে। ইয়াৰে ১,৭০,৮২২ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২,২৮,৭৯১ গৰাকী ৰোগীয়ে। তদুপৰি, এই ভাইৰাছৰ কৱলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩,২৯২ গৰাকীলৈ বৃদ্ধি পাইছে।
![মহাৰাষ্ট্ৰত মুঠ ৪,০৪৮ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ Maharashta Police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:50:32:1592742032-maharashtra-oofeshge-june15-ytk4anz1592741317731-90-2106email-1592741328-487.jpg)
নতুনকৈ ৮৮ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যা ৪,০৪৮ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে মুঠ ১০০১ গৰাকী আৰক্ষীৰ লোক চিকিত্সাধীন অৱস্থাত আছে। আনহাতে, ৰাজ্যখনত মুঠ ৪৭ গৰাকী আৰক্ষীৰ লোকে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে।
উল্লেখ্য যে, মহাৰাষ্ট্ৰত মুঠ ৪,১২,৯৫৫ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰা গৈছে। ইয়াৰে ১,৭০,৮২২ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২,২৮,৭৯১ গৰাকী ৰোগীয়ে। তদুপৰি, এই ভাইৰাছৰ কৱলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩,২৯২ গৰাকীলৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰত মহাৰাষ্ট্ৰতেই সৰ্বাধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।