অসম

assam

ETV Bharat / bharat

হাৰিয়ানাত এদিনত ৬৬ টাকৈ আক্ৰান্তৰ ঘটনা, পূৰ্বৰ সকলো অভিলেখ ভংগ !

হাৰিয়ানাত অব্যাহত আছে COVID-১৯ মহামাৰীৰ সংহাৰী ৰূপ । পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এদিনতে ধৰা পৰিল সৰ্বাধিক ৬৬ টাকৈ আক্ৰান্তৰ ঘটনা । মুঠ আক্ৰান্তৰ সংখ্যা ৪৪২ জনলৈ বৃদ্ধি ।

With 66 new COVID-19 cases, Haryana records highest single-day spike
With 66 new COVID-19 cases, Haryana records highest single-day spike

By

Published : May 4, 2020, 10:12 AM IST

নিউজ ডেস্ক, ৪ মে': দেওবাৰে সকলো অভিলেখ অতিক্ৰম কৰি হাৰিয়ানাত এদিনত ধৰা পৰিল ৬৬ টাকৈ COVID-১৯ ৰ আক্ৰান্তৰ ঘটনা । অধিক সংখ্যক ঘটনাই এনচিআৰ জিলাৰ ফাৰিদাবাদ, গুৰগাঁও, ছনিপট আৰু ঝাজৰৰ ।

১৮ টাকৈ নতুন ঘটনা ছনিপটত ধৰা পৰাৰ বিপৰীতে ১২ টা ফৰিদাবাদত, ৯ টা গুৰগাঁওত, ১১ টা পানিপটত, ২ টা ফতেহাবাদত, যুমনানগৰত ২ টা, জিন্দত ৬ টা আৰু ঝাজৰ আৰু পালৱালৰ পৰা দুটা-দুটাকৈ ঘটনা পোহৰলৈ আহিছে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ।

ছনিপটৰ তিনিগৰাকী চিকিৎসক, পানিপটৰ চাৰিগৰাকী লেখক, ফাতেহবাদৰ চাৰিগৰাকী তীৰ্থযাত্ৰী মহাৰাষ্ট্ৰৰ ননদেড হাজ'ৰ চাহিবি গুৰুদুৱাৰাৰ পৰা উভতি অহাৰ পাচতেই তেওঁলোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ।

উল্লেখ্য যে, হাৰিয়ানাত এয়াই প্ৰথমবাৰ এদিনতে সৰ্বাধিক সংখ্যক ঘটনা ধৰা পৰা । ইয়াৰ পূৰ্বে এদিনত ৩০ জনৰ আশে-পাশে আক্ৰান্তৰ সংখ্যা লাভ কৰা হৈছিল । অৱশ্যে হাৰিয়ানাত ৰোগীৰ আৰোগ্য লাভ কৰা শতকৰা হাৰত ভাৰতৰ অন্যন্য প্ৰান্তৰ ভিতৰতেই যথেষ্ট উন্নত আছিল । কিন্তু দেওবাৰে এই শতকৰা হাৰ পূৰ্বৰ ৭২ শতাংশৰ পৰা হ্ৰাস পাই ৫৫.৪৩ শতাংশলৈ গতি কৰে । বৰ্তমানলৈ ২৪৫ গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে হাৰিয়ানাত ।

বৰ্তমানলৈকে হাৰিয়ানাত ৫ জন লোকৰ মৃত্যু হৈছে এই মহামাৰীত । হাৰিয়ানাৰ ৪৪২ গৰাকী আক্ৰান্তৰ ভিতৰত ৬৪ গৰাকী অন্য ৰাজ্যৰ আৰু ২৪ গৰাকী বিদেশী নাগৰিক । এই ২৪ গৰাকীৰ ১৩ গৰাকী ইটালীয়ান পৰ্যটকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । অৱশ্য়ে ১ গৰাকী মহিলাৰ বিগত মাহত মৃত্যু হৈছিল ।

ABOUT THE AUTHOR

...view details