অসম

assam

ETV Bharat / bharat

শীঘ্ৰেই ককপিটলৈ উভটিব অভিনন্দন - Pakistan Air Force

ভাৰতীয় বায়ু সেনাৰ ইতিহাস সৃষ্টিকাৰী উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান বৰ্তমানে সুস্থ হৈ উঠিছে আৰু শীঘ্ৰেই নিজৰ কৰ্তব্যত যোগদান কৰিব বায়ু সেনাৰ যুঁজাৰু বৈমানিকগৰাকীয়ে ৷

অভিনন্দন বৰ্থমান

By

Published : Apr 21, 2019, 2:44 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিলঃভাৰতীয় বায়ু সেনাত অভিলেখ সৃষ্টিকাৰী যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানে শীঘ্ৰেই যোগদান কৰিব নিজৰ কৰ্তব্যত ৷ বৰ্তমানে বেংগালুৰুস্থিত বায়ু সেনাৰ ইনষ্টিটিউট অৱ এৰোস্পেছ মেডিচিনত চিকিৎসাধীন হৈ থকা বায়ু সেনাৰ পাইলটগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায় শেষ হোৱাৰ পিচতেই কৰ্তব্যত যোগদান কৰিব বুলি প্ৰকাশ কৰিছে বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই ৷ মে' মাহৰ শেষৰ ফালে নিজৰ স্কোৱাড্ৰণত যোগদান কৰিব পাইলট অভিনন্দনে ৷ ইতিমধ্যে পাইলটগৰাকীৰ 12 সপ্তাহৰ চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে ৷ মাৰ্চ মাহৰ পৰাই ছুটীত থকা বৰ্থমানে শেহতীয়াকৈ শ্ৰীনগৰস্থিত বায়ু সেনাৰ 51 স্কোৱাড্ৰণ (শ্বৰ্ড আৰ্মছ)ত পুনৰ যোগদান কৰিছে ৷

অভিনন্দন বৰ্থমান

বায়ু সেনাৰ ইনষ্টিটিউট অৱ এৰোস্পেছ মেডিচিনৰ পৰা সম্পূৰ্ণ সন্মতি নোপোৱালৈকে অভিনন্দনে লঘু গ্ৰাউণ্ড কৰ্তব্য পালন কৰিব লাগিব ৷ অহা মে মাহৰ ভিতৰত অভিনন্দনে নিজৰ স্বাস্থ্যৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ সম্ভাৱনা আছে আৰু তাৰ পৰৱৰ্তী সময়তে পুনৰ জি-চ্যুটত দেখা পোৱা যাব বায়ু সেনাৰ পাইলটগৰাকীক ৷

অভিনন্দন বৰ্থমান

আনহাতে বায়ু সেনাৰ আন এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি,দেশৰ তৃতীয় সৰ্বোচ্চ বীৰতা আৰু শান্তি পুৰস্কাৰ ক্ৰমে বীৰ চক্ৰ আৰু শৌৰ্য চক্ৰৰ বাবে মনোনীত কৰা হ'ব অভিনন্দন বৰ্থমানৰ নাম ৷ ইয়াৰ বিপৰীতে বায়ু সেনা মেডেলৰ বাবেও মনোনীত হ'ব পাৰে অভিনন্দন বৰ্থমানৰ নাম ৷ ভাৰতীয় বায়ু সেনাৰ অতি পুৰণি মিৰাজ 2000 বিমানেৰে পাকিস্তান বায়ু সেনাৰ চতুৰ্থ প্ৰজন্মৰ যুঁজাৰু বিমান F-16 বিমান ভূপতিত কৰি দেখুওৱা অটল দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা তথা সাহসৰ বাবেই মনোনীত হোৱাৰ সম্ভাৱনা আছে অভিনন্দন বৰ্থমান ৷

ABOUT THE AUTHOR

...view details