অসম

assam

EXCLUSIVE: জীৱনৰ অন্তিম মুহূৰ্তলৈকে ৰাজস্থানবাসীৰ হ'কে কাম কৰিমঃ শচীন পাইলট

ৰাহুল গান্ধীৰ সৈতে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বৈঠকৰ এটা দিন পাচতে ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় শচীন পাইলট ৷ ৰাজস্থানত এমাহজোৰা ৰাজনৈতিক সংকটে সমগ্ৰ দেশকে জোঁকাৰি যোৱাৰ সময়তে ৰাহুল গান্ধীৰ সৈতে এই বৈঠকে সৌহাদ্যপূৰ্ণ সমাধানৰ সংকেত প্ৰদান কৰিছিল ৷ 14 আগষ্টৰ পৰা আৰম্ভ হ'বলগা বিধানসভা অধিবেশনৰ পূৰ্বৰ এই সংকট সন্দৰ্ভত মন্তব্য আগবঢ়াই যুৱ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

By

Published : Aug 12, 2020, 11:58 AM IST

Published : Aug 12, 2020, 11:58 AM IST

যুৱ কংগ্ৰেছী নেতা
শচীন পাইলট

নেশ্যনেল ডেস্ক, 12 আগষ্ট : ৰাহুল গান্ধীৰ সৈতে ৰাজস্থানৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বৈঠকৰ এটা দিন পাচতে ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় শচীন পাইলট ৷ ৰাজস্থানত এমাহজোৰা ৰাজনৈতিক সংকটে সমগ্ৰ দেশকে জোঁকাৰি যোৱাৰ সময়তে ৰাহুল গান্ধীৰ সৈতে এই বৈঠকে সৌহাদ্যপূৰ্ণ সমাধানৰ সংকেত প্ৰদান কৰিছিল ৷ 14 আগষ্টৰ পৰা আৰম্ভ হ'বলগা বিধানসভা অধিবেশনৰ পূৰ্বৰ এই সংকট সন্দৰ্ভত মন্তব্য আগবঢ়াই যুৱ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

শচীন পাইলটৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

শচীন পাইলটে কয় যে,তেওঁ কেতিয়াও পদবীৰ বাবে লোভ কৰা নাই আৰু যোৱা ছয় বছৰে তেওঁক সমৰ্থন জনাই অহা লোকসকলৰ বাবে যুঁজি যাব ৷ তেওঁ কয়, "ৰাজস্থানৰ জনসাধাৰণৰ সৈতে মোৰ এক অটুট সম্পৰ্ক আছে ৷ মই জীৱনৰ অন্তিম মুহূৰ্তলৈকে তেওঁলোকৰ বাবে কাম কৰি যাম ৷ ইয়াৰ বাবে মই দলত পদবী লাভ কৰো অথবা নকৰো ৷"

তেওঁৰ লগতে ৰাজস্থানৰ অন্য বিদ্ৰোহী বিধায়কসকলৰ অভিযোগসমূহ শুনিবৰ বাবে তিনিজনীয়া সদস্যৰ এখন কমিটি গঠন কৰি দিয়া বাবে সুখ প্ৰকাশ কৰি শচীন পাইলটে কয়,"মই উত্থাপন কৰা বিষয়সমূহ অতি সোনকালে কমিটিখনে সমাধান কৰিব ৷"

লগতে পঢ়ক :কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত বিডেনৰ

ABOUT THE AUTHOR

...view details