নিউজ ডেস্ক,30 ডিচেম্বৰ: নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলা আন্দোলনত মুঠ 80 কোটি টকাৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে’লৱে বিভাগ ৷ সোমবাৰে ৰে’লৱে বিভাগৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে এই কথা উল্লেখ কৰি কয় যে, এই সমগ্ৰ ঘটনাত জড়িত থকা সকলৰ পৰা সংগ্ৰহ কৰা হ’ব সম্পূৰ্ণ ক্ষতিপূৰণ ৷
উল্লেখ্য যে,‘নাগৰিকত্ব সংশোধনী আইন 2019’ আইনত পৰিৱৰ্তন হোৱাৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তত‘কা’বিৰোধী আন্দোলন তীব্ৰতৰ হৈ পৰিছিল ৷ বহু ঠাইত পুলিচ আৰু আন্দোলনকাৰীৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ ৷ বহু ঠাইত বাছ, ৰে’লৰ ডবা জ্বলাই দিয়াৰ লগতে ৰে’ল লাইনৰ বিস্তৰ ক্ষতি-সাধন কৰিছিল আন্দোলনকাৰীয়ে ৷ য’ত 80 কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয় ৰে’ল বিভাগ ৷ পূৰ্বত্তোৰ ৰে’লৱেৰ 70 কোটি টকা ক্ষতি হোৱাৰ বিপৰীতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ 10 কোটি টকা ক্ষতি হৈছে ৷ এই সমগ্ৰ ক্ষতি সংগ্ৰহ কৰা হ’ব আন্দোলনকাৰীৰ পৰা ৷ এই কথা জানিবলৈ দিয়ে ৰে’লৱে বিভাগৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে ৷