অসম

assam

ETV Bharat / bharat

কেতিয়াও নীতিশ কুমাৰ, সুশীল মোদীৰ সমৰ্থন নকৰো: চিৰাগ পাছোৱান

বিহাৰ বিধানসভা নিৰ্বাচনক লৈ লোক জনশক্তি পাৰ্টীৰ অধ্যক্ষ চিৰাগ পাছোৱানে কয় যে, তেওঁ কেতিয়াও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী সুশীল মোদীক সমৰ্থন নকৰে।

By

Published : Nov 11, 2020, 6:58 PM IST

কেতিয়াও নীতিশ কুমাৰ, সুশীল মোদীৰ সমৰ্থন নকৰো: চিৰাগ পাছোৱান
কেতিয়াও নীতিশ কুমাৰ, সুশীল মোদীৰ সমৰ্থন নকৰো: চিৰাগ পাছোৱান

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস ৰাখি বুধবাৰে লোক জনশক্তি পাৰ্টীৰ অধ্যক্ষ চিৰাগ পাছোৱানে কয় যে, এন ডি এৰ প্ৰতি সমৰ্থন আগবঢ়ালেও তেওঁ কেতিয়াও ৰাজ্যৰ বিধানসভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ-মুখ্যমন্ত্ৰী সুশীল মোদীক সমৰ্থন নকৰে। চিৰাগ পাছোৱানে কয় যে,'মই কেতিয়াও নীতিশ কুমাৰ, সুশীল মোদীৰ সমৰ্থন নকৰো। এওঁলোক ৰাজ্যৰ মুখ্য়মন্ত্ৰী হ'লেও ৰাজ্য পৰ্যায়ত মই সমৰ্থন নকৰো। আমি কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সমৰ্থন আগবঢ়াম।'

বিহাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, বহু কষ্টৰ বলত নিৰ্বাচনত দলৰ প্ৰদৰ্শন সন্তোষজনক হৈছে আৰু জনতাৰ সমৰ্থনে লোক জনশক্তি পাৰ্টীক ২০২৫ৰ নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰ দিশত বহু কাষ চপাই নিছে। তেওঁ কয় যে, কেইটামান সমষ্টিত আমাৰ বিজয় একপ্ৰকাৰ নিশ্চিত হৈছিল, কিন্তু দলে ভাল প্ৰদৰ্শন কৰিছে। অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাহস দিয়াৰ বাবে সমৰ্থকক চিৰাগ পাছোৱানে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয় যে, 'বিহাৰৰ ৰাইজে এল জে পিক মৰম দিছে। প্ৰায় ২৫ লাখ ভোটাৰে বিহাৰী প্ৰথম শীৰ্ষক মূলমন্ত্ৰৰে আগবঢ়া দলটোক বিশ্বাস কৰিছে।' আমাক 'পিছলাগু পাৰ্টী' বুলি কটাক্ষ কৰা হৈছিল বুলি ক্ষোভ উজাৰে দলটোৰ অধ্যক্ষগৰাকীয়ে। তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে মিত্ৰতা অসম্ভৱ বুলি টিপ্পনী কৰে পাছোৱানে।

লগতে পঢ়ক:মধ্যপ্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান

ABOUT THE AUTHOR

...view details