অসম

assam

ETV Bharat / bharat

হিন্দু শৰণাৰ্থীক দিয়া হ'ব নাগৰিকত্বঃ অমিত শ্বাহ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ চাঞ্চল্য়কৰ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ মমতা বেনাৰ্জীৰ প্ৰৱল বিৰোধিতা স্বত্বেও দেশত হিন্দু শৰণাৰ্থীক নাগৰিকত্ব দিয়া হ'ব ৷ কলিকতাত উপস্থিত হৈ এই কথা প্ৰকাশ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷

By

Published : Oct 1, 2019, 9:13 PM IST

Updated : Oct 2, 2019, 9:43 AM IST

কলিকতাত জনতাক সম্বোধন অমিত শ্বাহৰ

নিউজ ডেস্ক, 1 অক্টোৱৰঃঅসমৰ পিচতেই দেশৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মঙলবাৰে পশ্চিমবংগৰ ৰাজধানীত উপস্থিত হৈ দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হ'ব বুলি হুংকাৰ দিয়ে অমিত শ্বাহে ৷ গৃহমন্ত্ৰীগৰাকীয়ে কলিকতাত জন জাগৰণ সভাত অংশগ্ৰহণ কৰি তৃণমুল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

NRC আৰু CAB সন্দৰ্ভত অমিত শ্বাহ

দেশত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ কথা কোৱা গৃহমন্ত্ৰীগৰাকীয়ে কলিকতাত উপস্থিত হৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সৰৱ হৈ পৰে ৷ পশ্চিমবংগত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ'বলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰম্বাৰ কৈ থকাৰ পিচটো ৰাজ্যখনত নাগৰিকপঞ্জীৰ কাম হ'ব বুলি নিশ্চিতি প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, "পশ্চিমবংগত বাঁওপন্থীসকল ক্ষমতাত থকাৰ সময়ত ৰাজ্যখনৰ পৰা অবৈধ নাগৰিকসকলক খেদি পঠিওৱা হ'ব বুলি কৈ থকা মমতাই ক্ষমতা লাভ কৰিয়ে ইয়াৰ বিপৰীত মেৰুত অৱস্থাত কৰিছে ৷ একমাত্ৰ ভোটৰ লালসাত মমতাই চালে-বেৰে কোবোৱা কথা কৈ আছে ৷ দেশৰ বিভিন্ন প্ৰান্তত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকলক শীঘ্ৰেই খেদি পঠিওৱা হ'ব ৷"

আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্বেই নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰিব বিজেপিয়ে ৷ হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু খ্ৰীষ্টিয়ানসকলক দেশৰ পৰা খেদি পঠিওৱা নহ'ব ৷ উৰাবাতৰিত বিশ্বাস কৰিবলগীয়া কোনো কথা নাই ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰাই এইসকল লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব ৷ সভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এইদৰে উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

কলিকতাত জনতাক সম্বোধন অমিত শ্বাহৰ

আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, "অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰা বিষয়টোৰ লগত পশ্চিমবংগৰ বিশেষ সম্পৰ্ক আছে ৷ বাংলাৰ ভূমিপুত্ৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে প্ৰথমবাৰৰ বাবে আগবঢ়োৱা "এক নিশান, এক বিধান ঔৰ এক প্ৰধান" শ্লোগানৰ বাবেই দেশৰ একতা সম্ভৱপৰ হৈছে ৷" উল্লেখ্য যে, আজিৰ জনজাগৰণ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা দলটোৰ অধ্যক্ষ অমিত শ্বাহৰ উপস্থিতিতে তৃণমুলৰ বিধায়ক সব্যসাচী দত্তৰ লগতে বিধাননগৰৰ প্ৰাক্তন মেয়ৰে বিজেপিত যোগদান কৰে ৷ সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ৰাইজৰ লগতে বহুসংখ্যক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Last Updated : Oct 2, 2019, 9:43 AM IST

ABOUT THE AUTHOR

...view details