অসম

assam

ETV Bharat / bharat

আজি দাখিল হ’ব দেশৰ কেন্দ্ৰীয় বাজেট - কৃষ্ণমুৰ্তি সুব্ৰমণিয়ামে

দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দেশৰ সাধাৰণ বাজেট দাখিল কৰিব ৷ সীতাৰমণে বিগত বৰ্ষৰ জুলাইত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিছিল ৷

Will Finance Minister Deliver?
আজি দাখিল হ’ব দেশৰ কেন্দ্ৰীয় বাজেট

By

Published : Feb 1, 2020, 7:50 AM IST

Updated : Feb 1, 2020, 8:06 AM IST

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰীঃ শনিবাৰ অৰ্থাৎ আজি 1 ফেব্ৰুৱাৰীত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সাধাৰণ বাজেট দাখিল কৰিব ৷

নিৰ্মলা সীতাৰমণ নিজৰ কাৰ্যকালৰ দ্বিতীয়বাৰৰ বাবে সংসদত সাধাৰণ বাজেট দাখিল কৰিব ৷ ইন্দিৰা গান্ধীৰ পিচত স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বিত্তমন্ত্ৰীৰূপে পৰিগণিত হৈছে নীৰ্মলা সীতাৰমণ ৷ বিত্তমন্ত্ৰীগৰাকীয়ে 2021 বিত্তীয় বৰ্ষ অৰ্থাৎ মাৰ্চলৈ সম্পূৰ্ণ বাজেট দাখিল কৰিব ৷

লোকসভাৰ অধ্যক্ষক সম্বোধন কৰি পুৱা 11 বজাত বিত্তমন্ত্ৰী সীতাৰমণে বাজেট দাখিল কৰিব ৷ সাধাৰণতে এই বাজেট দাখিলৰ সময় 90 মিনিটৰ পৰা 120 মিনিটলৈ ধাৰ্য কৰা হৈছে ৷

শুকুৰবাৰে বিত্তমন্ত্ৰীগৰাকীয়ে সংসদত 2019-20 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিছিল ৷ যিয়ে ভাৰতীয় অৰ্থনীতিৰ ৰূপৰেখা অংকন কৰিছিল ৷ এই সমীক্ষাটো মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা কৃষ্ণমুৰ্তি সুব্ৰমণিয়ামে জাৰি কৰিছিল ৷

বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া সীতাৰমণে বিগত বৰ্ষৰ জুলাইত প্ৰথমবাৰৰ বাবে বাজেট দাখিল কৰিছিল ৷

উল্লেখ্য যে 2016 চনলৈ কেন্দ্ৰীয় বাজেট ফেব্ৰুৱাৰীৰ শেষতহে দাখিল কৰা হৈছিল ৷ প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে 2017 চনত এই প্ৰথা সলনি কৰি 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিছিল ৷

এই বাজেট কিয় গুৰুত্বপূৰ্ণঃ

এই বাজেট দুটা মুখ্য কাৰণৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ কাৰণ দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তে এই বাজেট দাখিল কৰা হ’ব ৷ ইতিমধ্যে শুকুৰবাৰে দেশৰ অৰ্থনেতিক সমীক্ষা দাখিল কৰা হৈছে য’ত 2019-20 বৰ্ষৰ জিডিপিৰ বিকাশৰ হাৰ 5% বুলি প্ৰকাশ পাইছে ৷ যোৱা 11 বছৰৰ সৰ্বনিম্ন জিডিপিৰূপে পৰিগণিত হৈছে ৷

নিম্নগামী বিকাশৰ হাৰৰ বাবে আমাৰ অৰ্থব্যৱস্থাত কম বিনিয়োগকাৰীৰ বিশ্বাসৰ পৰিণাম হিচাপে গণ্য কৰা হৈছে ৷ ফলস্বৰূপে ভৱিষ্যতে বিকাশৰ হাৰ আৰু নিম্নগামী হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ নিবনুৱা সমস্যাইয়ো দেশৰ বিকাশত মুখ্য হেঙাৰস্বৰূপ হৈ পৰিছে ৷

আৰু পঢ়কঃসদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

Last Updated : Feb 1, 2020, 8:06 AM IST

ABOUT THE AUTHOR

...view details