অসম

assam

ETV Bharat / bharat

মোডী অবিহনে ভাৰত ৫০ বছৰ পিছ পৰি ৰ'ব : নিৰ্মলা সীতাৰমণ - ইটিভি ভাৰত

মোডী ক্ষমতালৈ পুনৰ নাহিলে লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ ভোটাদাতা সকললৈ আওকাণ কৰা হ'বঃ সীতাৰমণ

etv bharat

By

Published : Feb 25, 2019, 2:56 PM IST

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃআগন্তুক লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন নকৰিলে দেশবাসীয়েএটা ডাঙৰ ভুল কৰিব বুলি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই ভুলৰ পৰিণাম স্বৰূপে ভাৰতে উন্নয়নৰ ক্ষেত্ৰখনত ৫০ বছৰ তললৈ অৱনমিত হ'ব বুলিও মন্তব্যপ্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ।

দেওবাৰে বেংগালুৰুৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী ক্ষমতালৈ পুনৰ নাহিলে লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ ভোটাদাতা সকললৈ আওকাণকৰা হ'ব। কাৰণ মোডী চৰকাৰৰ পূৰ্বে কেন্দ্ৰত বছৰৰ পাচত বছৰ শাসন কৰা কংগ্ৰেছে কোনোদিনেই যুৱ প্ৰজন্মৰ উন্নয়নৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে ২০১৯ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী পুনৰ নিৰ্বাচিত হোৱাটো অত্যন্ত বাঞ্চণীয়। ভাৰত ৰাষ্ট্ৰত মোডীৰ দৰে দক্ষ নেতা এজনৰ সদায়েই প্ৰয়োজন বুলিও প্ৰকাশ কৰে নিৰ্মলা সীতাৰমণে।

ABOUT THE AUTHOR

...view details