অসম

assam

ETV Bharat / bharat

ঘৰ চলাব নোৱাৰি পত্নীক তিনি তালাক দিলে স্বামীয়ে

ঘৰ ভাড়া আৰু সন্তানৰ বাবে গাখীৰ কিনিবলৈ পইচা বিচৰাৰ বাবে কানপুৰৰ শ্বাৱানা বেগমক তিনি তালাক দিলে স্বামী প্ৰয়াগৰাজ অফচাৰ আহমেদে ৷

ঘৰ চলাব নোৱাৰি পত্নীক তিনি তালাক দিলে স্বামীয়ে
ঘৰ চলাব নোৱাৰি পত্নীক তিনি তালাক দিলে স্বামীয়ে

By

Published : Jan 30, 2021, 1:14 PM IST

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী :তিনি তালাকে দিশহাৰা কৰিছে কানপুৰৰ এগৰাকী মহিলাক ৷ ঘৰ ভাড়া আৰু সন্তানৰ বাবে গাখীৰ কিনিবলৈ পইচা বিচৰাই দোষ হ’ল কানপুৰৰ শ্বাৱানা বেগমৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি,প্ৰয়াগৰাজ অফচাৰ আহমেদৰ সৈতে 2005 চনত বিবাহপাশত আবদ্ধ হৈছিল কানপুৰৰ শ্বাৱানা বেগমৰ ৷ বিবাহৰ পাছত বিভিন্ন অজুহাত দেখুৱাই শ্বাৱানা বেগমক শাৰীৰিক-মানসিক ভাৱে অত্যাচাৰ চলোৱা হৈছিল ৷ বহুবাৰ এইসসমূহ কাৰণৰ বাবে ঘৰ এৰি যাবলৈ বাধ্য হৈছিল ভুক্তভোগী মহিলাগৰাকীয়ে ৷

তাৰে পৰৰ্ৱতী পৰ্যায়ত ভুক্তভোগী মহিলাগৰাকীয়ে ২০১৪ চনত স্বামী প্ৰয়াগৰাজ অফচাৰ আহমেদৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছিল । কিন্তু পৰৰ্ৱতী পৰ্যায়ত বিভিন্ন কাৰণবশত শ্বাৱানা বেগমে স্বামী প্ৰয়াগৰাজ অফচাৰ আহমেদৰ কাষলৈ ঘূৰি আহে ৷

2020 চনৰ 4 নৱেম্বৰত স্বামী প্ৰয়াগৰাজ অফচাৰ আহমেদক ফোনযোগে সন্তানৰ খাদ্য আৰু ঘৰ ভাড়া দিবলৈ পইচা বিচৰাত ক্ষোভতে,পত্নীক তিনি তালাক দিয়ে প্ৰয়াগৰাজ অফচাৰ আহমেদে ৷

তাৰ পাছতেই শ্বাৱানা বেগমে কানপুৰ আৰক্ষী চকীত দাখিল কৰে এক অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে 27 জানুৱাৰীত আনুষ্ঠানিক ভাৱে গোচৰ পঞ্জীয়ন কৰা হয় ৷ কানপুৰ আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ অতি শীঘ্ৰেই দোষী আইনৰ আওতালৈ আহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :দিল্লীত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা কৰিবলৈ উচতনি দিয়া হৈছিল

ABOUT THE AUTHOR

...view details