অসম

assam

ETV Bharat / bharat

মোডীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নাপালে ইমৰাণ খানে!

দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ ফোনযোগে হোৱা বাৰ্তালাপত দক্ষিণ এচিয়াৰ শান্তি, সমৃদ্ধি,উন্নয়নৰ বাবে কাম কৰি যাবলৈ পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে ইচ্ছা প্ৰকাশ কৰা কৰিছিল ৷ নৰেন্দ্ৰ মোডীয়ে এই ইচ্ছাক সঁহাৰি জনালেও যেন এতিয়াও পুলৱামা আক্ৰমণৰ পাচত সংবেদনশীল হৈ পৰা দুয়ো দেশৰ সম্পৰ্ক সুস্থিৰ হ'বলৈ অধিক সময়ৰ প্ৰয়োজন ৷

Pak

By

Published : May 28, 2019, 4:28 PM IST

নতুন দিল্লী,28 মে' :নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ কিয় নিমন্ত্ৰণ কৰা নহ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক? ইয়াকে লৈ সৃষ্টি হৈছে সৰৱ চৰ্চা ৷


পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰ্বাচনী বিজয়ৰ শুভেচ্ছা জ্ঞাপন কৰাৰ পাচতে প্ৰকাশিত হৈছে শপতগ্ৰহণ অনুষ্ঠানৰ অতিথিৰ সম্ভাব্য তালিকা ৷ দুয়োগৰাকী প্ৰধান মন্ত্ৰীৰ ফোনযোগে হোৱা বাৰ্তালাপত দক্ষিণ এচিয়াৰ শান্তি, সমৃদ্ধি,উন্নয়নৰ বাবে কাম কৰি যাবলৈ পাকিস্তানী প্ৰধানমন্ত্ৰীগৰাকীয়ে ইচ্ছা প্ৰকাশ কৰা কৰিছিল ৷ নৰেন্দ্ৰ মোডীয়ে এই ইচ্ছাক সঁহাৰি জনালেও এতিয়াও যেন পুলৱামা আক্ৰমণৰ পাচত সংবেদনশীল হৈ পৰা দুয়ো দেশৰ সম্পৰ্ক সুস্থিৰ হ'বলৈ অধিক সময়ৰ প্ৰয়োজন ৷

আনহাতে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি কেৱল "বে অৱ বেংগল ফ'ৰ মাল্টি টেকনিকেল এণ্ড ইকন'মিক ক'পাৰেচন" ( বি আইএমএচটিইচি ) ৰ সদস্য দেশকেইখনৰ নেতাসকললৈহে প্ৰেৰণ কৰা হৈছে নিমন্ত্ৰণ ৷ পাকিস্তান বি আইএমএচটিইচি সদস্য নহয় বাবেহে নিমন্ত্ৰণ জনোৱা হোৱা নাই ৷ আফগানিস্তান ,মালদ্বীপৰ দৰে দেশৰ সৈতে সু-সম্পৰ্ক থকাৰ পাচতো নিমন্ত্ৰণ জনোৱা হোৱা নাই বুলিও বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷

ABOUT THE AUTHOR

...view details