অসম

assam

By

Published : Dec 24, 2019, 4:26 PM IST

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা পশ্চিমবংগ বিজেপিৰ উপ-সভাপতিৰ

নেতাজী সুভাস চন্দ্ৰ বসুৰ নাতি তথা পশ্চিমবংগ বিজেপিৰ উপ-সভাপতি চন্দ্ৰ কুমাৰ বসুৱে মুকলিকৈ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ ৷ বিজেপিৰ কাৰ্যকৰী সভাপতি জগত প্ৰকাশ নড্ডাৰ নেতৃত্বত কলকাতাত বাহিৰ কৰা ৰেলীৰ পিচতে এইদৰে মুকলিকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে পশ্চিমবংগ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা চন্দ্ৰ কুমাৰ বসু, Chandra kumar Bose oppose CAA2019
পশ্চিমবংগ বিজেপিৰ উপ-সভাপতি চন্দ্ৰ কুমাৰ বসু

নেশ্বনেল ডেস্ক, 24 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইনক লৈ দেশব্যাপী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আইনখনৰ বিৰোধিতা কৰিছে বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই ৷ বিজেপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জগত প্ৰকাশ নড্ডাৰ নাগৰিকত্ব সংশোধনী আইনক লৈ কলকাতাত উলিওৱা ৰেলীৰ পিচতেই আইনখনৰ মুকলি বিৰোধিতা কৰিছে পশ্চিমবংগ বিজেপিৰ উপ-সভাপতি চন্দ্ৰ কুমাৰ বসুৱে ৷

টুইটাৰযোগে আইনখনৰ বিৰোধিতা কৰি এলানি টুইট কৰে পশ্চিমবংগ বিজেপিৰ উপ-সভাপতিগৰাকীয়ে ৷ ভাৰতবৰ্ষ সকলো ধৰ্ম আৰু জনগোষ্ঠীৰ বাবেই মুকলি বুলি কোৱাৰ লগতে এই আইনখনৰ বিৰোধিতা কৰে চন্দ্ৰ কুমাৰ বসুৱে ৷ তেওঁ টুইটটোত কয়, "যদি নাগৰিকত্ব সংশোধনী আইন 2019 কোনো ধৰ্মৰ সৈতে জড়িত নহয়, তেন্তে হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টিয়ান পাৰ্চী আৰু জৈনৰ কথা কিয় কোৱা হৈছে ? মুছলমানসকলক কিয় অন্তৰ্ভুক্ত কৰা হোৱা নাই ৷ বিষয়টো স্পষ্ট হ'ব লাগে ৷

ইয়াৰ পূৰ্বে বিজেপিৰ মিত্ৰজোঁট শিৰোমনি আকালি দলেও নাগৰিকত্ব সংশোধনী আইনত মুছলমানক অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি, 2014চনৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ আৰু খ্ৰীষ্টিয়ানসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details