অসম

assam

ETV Bharat / bharat

আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বাবে নিজৰ ভৱিষ্যৎ ‘বন্ধক’ত ৰাখিছে নেকি? - প্ৰধানমন্ত্ৰী

সোমবাৰে টুইটাৰযোগে GSTৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত কেন্দ্ৰই গ্ৰহণ কৰা ধাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী মোদীৰ বাবে তেওঁলোকৰ ভৱিষ্যৎ ‘বন্ধক’ত ৰাখিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

Rahul Gandhi's question
ৰাহুল গান্ধীৰ প্ৰশ্ন

By

Published : Oct 12, 2020, 6:08 PM IST

নিউজ ডেস্ক,12 অক্টোবৰ: দেশৰ GSTৰ ক্ষতিপূৰণ সন্দৰ্ভত সোমবাৰে টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ GST ক্ষতিপূৰণৰ ক্ষেত্ৰত কেন্দ্ৰই গ্ৰহণ কৰা ধাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহক উদ্দেশ্যি ৰাহুল গান্ধীয়ে কয় যে,‘‘প্ৰধানমন্ত্ৰী মোদীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যৎ ‘বন্ধক’ত ৰাখিছে নেকি?’’

এক টুইটযোগে ৰাহুলে ব্যক্ত কৰে যে,‘‘1. কেন্দ্ৰই ৰাজ্যসমূহৰ বাবে GSTৰ ৰাজহ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ৷ 2. প্ৰধানমন্ত্ৰী আৰু ক’ভিডৰ দ্বাৰা বিচ্ছিন্ন অৰ্থব্যৱস্থা ৷ 3. প্ৰধানমন্ত্ৰী কৰ্প’ৰেশ্য়নলৈ 1.4 লাখ কোটি টকা প্ৰদান কৰা,সেই টকাৰে তেওঁ নিজৰ বাবে 8,400 কোটি টকাৰ দুখন বিমান ক্ৰয় কৰে ৷ ৰাজ্যসমূহক অৰ্থ প্ৰদানৰ বাবে কেন্দ্ৰৰ হাতত টকা নাই’’ ৷

ৰাহুলে দেশবাসীলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে,‘‘আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নিজৰ ভৱিষ্যৎ বন্ধকত ৰাখিছে নেকি?’’

উল্লেখ্য যে,চলিত বিত্তীয় বৰ্ষত ক্ষতিপূৰণৰ সৈতে কেন্দ্ৰই ৰাজ্যসমূহক 20,000 কোটি টকা মোকলাই দিছে ৷ আনহাতে,GST পদ্ধতিৰ অধীনত 5,12,18 আৰু 28 শতাংশ শ্লেৱ কৰ আদায় কৰে ৷

লগতে পঢ়ক:ঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

ABOUT THE AUTHOR

...view details