অসম

assam

ETV Bharat / bharat

মে’ দিৱস: খাতি খোৱা শ্ৰেণীক সন্মান জনাবলৈ এটা দিন

এই বছৰৰ মে' দিৱসৰ বিষয়বস্তু হৈছে ‘সামাজিক আৰু অৰ্থনৈতিক উন্নয়ণৰ বাবে একত্ৰিত হৈ কাম কৰা’৷

মে’ দিৱস: খাতি খেৱা শ্ৰেণীক সন্মান জনাবলৈ এটা দিন

By

Published : May 1, 2019, 12:17 PM IST

নিউজ ডেস্ক, 1 মে: শ্ৰমজীৱী শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক সফলতাক উদযাপন কৰা এটা দিন হৈছে মে দিৱস ৷ 19 শতিকাত ট্ৰেড ইউনিয়ন সমূহে দাবী কৰিছিলে এটা দিন যিয়ে শ্ৰমজীৱী শ্ৰেণীৰ অৰ্থনৈতিক আৰু সামাজিক সফলতাক স্বীকৃতি প্ৰদান কৰিব ৷ সেই মৰ্মে প্ৰসিদ্ধ বামপন্থী নেতা মলায়াপুৰম সিংগৰাৱেলু ছেট্টিয়ৰে ৰঙা পতাকা দেখুৱাই 1 মে 1923 ত প্ৰথম মে' দিৱস উদযাপন কৰিছিল ৷ এই বছৰৰ মে' দিৱসৰ বিষয়বস্তু হৈছে ‘সামাজিক আৰু অৰ্থনৈতিক উন্নয়ণৰ বাবে একত্ৰিত হৈ কাম কৰা’৷ এই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ভাৰত, চীন, উত্তৰ কোৰিয়া, কিউবা, ৰাছিয়াত ঘোষণা কৰা হৈছে ৷

19 শতিকাত উচ্চ বৰ্ণৰ লোকসকলে কৰ্মজীৱী শ্ৰেণীৰ ওপৰত নিৰ্যাতন চলাই তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল ৷ শ্ৰমিক সকলক কম বেতনত অধিক সময় কাম কৰোৱাৰ বিৰুদ্ধে এই দিনটোতে অমেৰিকাত এক বৃহৎ শ্ৰমিক আন্দোলনে গঢ় লৈ উঠিছিল ৷

লগতে পঢ়ক: উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

আজিৰ দিনটোতে 1 মে 1886 ত

  • শ্ৰমজীৱী সকলে দিনে 15 ঘণ্টাকৈ কাম তথা অমানবীয় পৰিবেশত কাম কৰাৰ ফলত হোৱা শ্ৰমিকৰ মৃত্যুৰ বাবে কৰিছিল প্ৰতিবাদ ৷
  • 13000 ব্যৱসায়ত নিয়োজিত হৈ থকা 3 লাখ কৰ্মচাৰীয়ে অমেৰিকা যুক্তৰাষ্ট্ৰত একেলগে কামৰ পৰা অব্যাহতি লৈছিল।

বৰ্তমান ভাৰতৰ কৰ্মক্ষেত্ৰখনত এতিয়াও বৈষম্য দূৰ হোৱা নাই ৷ মজুৰীৰ দিশতো মহিলাসকল সন্মুখীন হৈ আহিছে বৈষম্যৰ ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে ভাৰতত চলি থকা লিঙ্গ বৈষম্য ৷ ইয়াৰ উপৰিও বহুতো উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানত মহিলাসকল সদায়ে মেটাৰনিটী কেয়াৰ, শিশুৰ বাবে উপযুক্ত সা-সুবিধা আদিৰ দৰে বিভিন্ন ধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷

ইয়াৰ উপৰিও সাম্প্ৰতিক সময়ত কৰ্মক্ষেত্ৰত হৈ থকা বিভিন্ন বৈষম্যৰ বাবে বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন মহলে ৷

ABOUT THE AUTHOR

...view details